স্পৰ্টছ ডেস্ক, 14 জুলাইঃ 2019 চনত প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ বিশ্বচেম্পিয়ন হৈছিল ইংলেণ্ড ৷ কিন্তু ইয়াৰ এবছৰ পাচত মৰ্গেনছ মেন : দ্য ইনচাইড ষ্ট’ৰি অফ ইংলেণ্ডছ ৰাইজ ফ্ৰম ক্ৰিকেট বিশ্বকাপ হিউমিলেচন টু গ্ল’ৰী (Morgan's Men: The Inside Story of England's Rise from Cricket World Cup Humiliation to Glory)নামৰ কিতাপখনত ফাদিল কৰা হৈছে এক ৰহস্য ৷ য’ত কোৱা হৈছে ছুপাৰ অভাৰ পূৰ্বে মানসিক চাপৰ পৰা মুক্তি পাবলৈ চিগাৰেট সেৱন কৰিছিল ছুপাৰ হিৰ’ বেন ষ্ট’কছে ৷
এবছৰ পূৰ্বে বাউণ্ডেৰী নিয়মৰ অধীনত বিশ্ব চেম্পিয়ন হৈছিল ইয়ন মৰ্গান নেতৃত্বাধীন ইংলেণ্ড দলটো ৷ ফাইনেল মেচখন টাইত সমাপ্ত হোৱাত ছুপাৰ অভাৰলৈ অগ্ৰসৰ কৰা হৈছিল মেচখন ৷ কিন্তু ছুপাৰ অভাৰটো নিউজিলেণ্ড আৰু ইংলেণ্ডৰ ফাইনেল মেচখন টাইত সমাপ্ত হয় ৷ ফলত আইচিচিৰ অত্যাধিক বাউণ্ডেৰী নিয়মৰ অধীনত ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হৈছিল ৷
মৰ্গেনছ মেন : দ্য ইনচাইড ষ্ট’ৰি ফ্ৰম ইংলেণ্ড ৰাইজ অফ ক্ৰিকেট বিশ্বকাপ হিউমিলেচন টু গ্ল’ৰী কিতাপখনত সেই মেচখনত অত্যাধিক চাপত আছিল বুলি কয় ইংলেণ্ডৰ বেন ষ্ট’কছ ৷