স্পৰ্টছ ডেস্ক, 26 আগষ্ট : বেন ষ্টোকচৰ 135 ৰানৰ সুন্দৰ ইনিংছৰ জৰিয়তে ইংলেণ্ড দলে তৃতীয় এছেজ টেষ্টত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ হেডিংলী ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত মেচ খনত দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক উইকেটত জয় সাব্যস্ত কৰে দলটোৱে ৷
তৃতীয় টেষ্টৰ চতুৰ্থ দিনা ইংলেণ্ড দলে জয়ৰ বাবে 203 ৰানৰ লক্ষ্য অনুসৰণ কৰে ৷ জনী বেয়াৰষ্ট' আৰু বেন ষ্টোকচে খেলপথাৰত নামি 86 ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম হয় ৷ বেয়াৰষ্ট' আউট হোৱাৰ পাছতে জ'ছ বাটলাৰ আৰু ক্ৰিছ ৱকছেও 1 ৰানকৈ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ৷ ধাৰাবাহিক উইকেটৰ পতন হোৱাৰ ফলত ইংলেণ্ডৰ জয়ৰ সম্ভৱনা ক্ষীণ হৈ পৰিছিল যদিও ষ্টোকচে শক্তিশালী বেটিঙেৰে দলক জয়ৰ দিশে আগবঢ়াই নিবলৈ সক্ষম হয় ৷