স্পৰ্টছ ডেস্ক, 27 জুলাই : ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ছিৰিজৰ পূৰ্বে ভাৰতীয় বলাৰ মহম্মদ ছামীৰ ভিছা সন্দৰ্ভত বিচিচিআইয়ে আমেৰিকান দূতাবাসলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ ক্ৰিকেটাৰ গৰাকীৰ ভিছা আবেদনত কিছু তথ্য অসম্পূৰ্ণ হৈ থকাৰ বাবে আমেৰিকা দূতাবাসে তেওঁৰ আবেদন নাকছ কৰিছিল ৷ বিচিচিআইৰ এক সূত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰিছে ৷ কিন্তু যথা সময়ত বিচিচিআইয়ে বিষয়টোত হস্তক্ষেপ কৰাত সকলো সমস্যাৰ সমাধান হয় বুলিও জানিব পৰা গৈছে ৷
সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, এই চিঠি খনত বিচিচিআইৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল জহৰীয়ে ছামীক ভাৰতৰ শীৰ্ষ ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰাৰ লগতে ভাৰতীয় ক্ৰিকেটলৈ তেওঁৰ অৱদান সম্পৰ্কতো সৱিশেষ জনাই লিখি পঠায় ৷