স্পৰ্টছ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃপুলৱামাৰ আত্মঘাতী বোমা বিস্ফোৰণ পিচতেই দেশজুৰি পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ । যাক লৈ চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ মেচকলৈও সৃষ্টি হৈছে অনিশ্চয়তা।
ভাৰত-পাকিস্তানৰ মেচৰ সিদ্ধান্ত চৰকাৰৰঃবিচিচিআই - Pulwama Attack
বিশ্বকাপ ক্ৰিকেটৰ ভাৰত-পাকিস্তানৰ মেচকলৈ অব্যাহত বিতৰ্ক
বিচিচিআইয়ে বিশ্বকাপত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব নে নেখেলিব সেই সিদ্ধান্ত চৰকাৰলৈ এৰিছে বুলি উল্লেখ কৰে । অৱশ্য়ে বিচিচিআইয়ে আইচিচিক সন্ত্ৰাসবাদীক প্ৰচয় দিয়া দেশৰ বিৰুদ্ধে ভৱিষ্য়ৎৰ সমন্ধক লৈ পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে । উল্লেখ্য় যে, পাকিস্তানৰ বিৰুদ্ধে ১৬ জুনত অনুষ্ঠিত হ'বলগীয়া মেচখন ভাৰতে বহিষ্কাৰ কৰিব লাগে বুলি দাবী উত্থাপন জনাইছে বহু লোকে ।
ইপিনে আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰি সেই আয়োজনৰ ৰাশি পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা শ্বদীৰ পৰিয়ালক দিয়াৰ সিদ্ধান্ত কৰিছে বিচিচিআইয়ে ।