অসম

assam

ETV Bharat / sports

ETV BHARAT Exclusive: ঐতিহাসিক দিবা-নৈশ টেষ্ট পূৰ্বে সৌৰভ গাংগুলীৰ সৈতে সাক্ষাৎকাৰ - Bcci President Sourav Ganguly interview

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰতৰ প্ৰথমখন দিবা-নৈশ টেষ্ট ৷ 22 পৰা 26 নৱেম্বৰলৈ চলিবলগীয়া এই মেচখনৰ পূৰ্বে বিচিচিআইৰ অধ্যক্ষ তথা লকেল বয় সৌৰভ গাংগুলীৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ ৷

ঐতিহাসিক দিবা-নৈশ টেষ্ট পূৰ্বে সৌৰভ গাংগুলীৰ সৈতে সাক্ষাৎকাৰ

By

Published : Nov 17, 2019, 7:57 PM IST

স্পৰ্টছ ডেস্ক, 17 নৱেম্বৰঃবাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত অৱতীৰ্ণ হ’ব ভাৰত ৷ অহা 22 নৱেম্বৰৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত হ’ব এই টেষ্ট মেচ ৷ লক্ষ্যণীয় যে, পোন প্ৰথমবাৰৰ বাবে দুয়োটা দলে অৱতীৰ্ণ হ’ব দিবা-নৈশ টেষ্ট মেচত ৷ ইতিমধ্যে এই ঐতিহাসিক টেষ্ট মেচক লৈ বিচিচিআইৰ প্ৰস্তুতি তুংগত ৷

এই সন্দৰ্ভত বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলীয়ে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰকাশ কৰে,

অতি উৎসাহ পূৰ্ণ হ’ব এই ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচখন ৷ ইয়াৰ বাবে যথেষ্ট কষ্ট কৰা হৈছে ৷ ষ্টেডিয়ামৰ লগতে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷

সৌৰভ গাংগুলীৰ সৈতে সাক্ষাৎকাৰ

ইপিনে টেষ্ট ক্ৰিকেটক জনসাধাৰণৰ মাজত লৈ যোৱাৰ যি প্ৰয়াস কৰা হৈছিল সেই উদ্দেশ্যে সকলো টিকট বিক্ৰী হোৱাত আনন্দ প্ৰকাশ কৰে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে ৷ লগতে বহু লোকে টিকট নোপোৱাকলৈও কয় যে, ষ্টেডিয়ামৰ ক্ষমতা অনুসৰি হে আসন মুকলি কৰা হয় ৷

বিৰাট নেতৃত্বাধীন ভাৰতীয় দল সন্দৰ্ভত গাংগুলীয়ে কয়, ভাৰতীয় দলটো বৰ্তমান যথেষ্ট শক্তিশালী ৷ ভাৰতীয় দলটোৱে ইন্দোৰ টেষ্টত জয় লাভ কৰি ঐতিহাসিক টেষ্টত অৱতীৰ্ণ হ’ব ৷ বিগত কেইবছৰ ধৰি ভাৰতীয় দলে সুন্দৰ প্ৰদৰ্শন কৰি আহিছে ৷ গতিকে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতে জয় লাভ কৰাৰ প্ৰৱল দাবীদাৰ বুলিও উল্লেখ কৰে ৷ ময়ংক আগৰৱালৰ বিষয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গাংগুলীয়ে কয় ময়ংক ভৱিষ্যতৰ এজন উত্তম খেলুৱৈ ৷

লগতে চাওক-কেনে অৱস্থাত আছে এছিয়াৰ সৰ্ববৃহৎ চাহ বাগিছাখন !

ABOUT THE AUTHOR

...view details