স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে মঙলবাৰে সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ সৈতে দুই বছৰীয়া চুক্তি স্বাক্ষৰিত কৰাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতীয় ক্ৰিকেটৰ প্ৰতিখন মেচতে অনাতাঁৰ কেন্দ্ৰই লাইভ ধাৰাভাষ্যৰ দায়িত্ব পালন কৰিব ৷ মঙলবাৰৰ পৰা 2021 চনৰ 31 আগষ্টলৈকে এই চুক্তি সাক্ষৰিত কৰা হৈছে ৷
বিচিচিআইয়ে প্ৰদান কৰা এক প্ৰতিবেদন অনুসৰি,এই পদক্ষেপে কোটি কোটি ভাৰতীয় শ্ৰুতাক অনাতাঁৰৰ জৰিয়তে ক্ৰিকেট সম্পৰ্কীয় লাইভ তথ্য লাভ কৰাত সহায় কৰিব ৷