অসম

assam

ETV Bharat / sports

অৰ্জুন এৱাৰ্ডৰ বাবে শিখা পাণ্ডে আৰু দিপ্তী শৰ্মাৰ নাম প্ৰেৰণ বি চি চি আইৰ - টি-20 বিশ্বকাপ, 2020 ত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল দিপ্তী আৰু শিখাই

অৰ্জুন সন্মানৰ বাবে মহিলা ক্ৰিকেটাৰ শিখা পাণ্ডে আৰু দিপ্তী শৰ্মাৰ নাম প্ৰদান কৰিছে বি চি চি আইয়ে ৷ টি-20 বিশ্বকাপ, 2020 ত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল দিপ্তী আৰু শিখাই ৷

অৰ্জুন এৱাৰ্ডৰ বাবে শিখা পাণ্ডে আৰু দিপ্তী শৰ্মাৰ নাম প্ৰেৰণ
বিচিচিআই

By

Published : May 13, 2020, 2:57 PM IST

স্পৰ্টছ ডেস্ক, 13 মে' : অষ্ট্ৰেলিয়াত অনুষ্ঠিত মহিলা টি-20 বিশ্বকাপত ভাৰতীয় দলৰ সাফলতাৰ অন্যতম কাৰণ হৈছে দলটোৰ দূৰ্দান্ত প্ৰদৰ্শন ৷ ইয়াৰ ভিতৰত উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছিল শেফালী বৰ্মা, পুনম যাদৱ, শিখা পাণ্ডে আৰু দিপ্তী শৰ্মাই ৷ সেয়েহে বিচিচিআইয়ে এই বছৰৰ অৰ্জুন সন্মানৰ বাবে শিখা আৰু দিপ্তীৰ নাম প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ৷

অৰ্জুন এৱাৰ্ডৰ বাবে শিখা পাণ্ডে আৰু দিপ্তী শৰ্মাৰ নাম প্ৰেৰণ

এক নিউজ এজেন্সীক প্ৰদান কৰা তথ্য অনুসৰি, শিখা আৰু দিপ্তীৰ টি-20 আৰু যোৱা বছৰৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি এই সন্মানজনক এৱাৰ্ডৰ বাবে তেওঁলোকৰ নাম প্ৰদান কৰা হৈছে ৷

অৰ্জুন এৱাৰ্ডৰ বাবে শিখা পাণ্ডে আৰু দিপ্তী শৰ্মাৰ নাম প্ৰেৰণ

বিশ্বকাপত শেফালীয়ে 158.25 ষ্ট্ৰাইক ৰেটেৰে 5 খন মেচত 163 ৰাণ সংগ্ৰহ কৰিছিল যদিও শিখাই 5 খন মেচত 7 টাকৈ উইকেট দখল কৰিছিল ৷ ইয়াৰ ভিতৰত তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল 3/14 ৷ আনহাতে, দিপ্তীৰ অল-ৰাউণ্ড প্ৰদৰ্শনৰ জৰিয়তে ভাৰতে শক্তিশালী অষ্ট্ৰেলিয়া দলক অপেনিং মেচত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁ মুঠ 116 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, 5 মে'ত ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ে 2020 চনৰ ৰাষ্ট্ৰীয় খেল সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন আৰু অৰ্জুন এৱাৰ্ডৰ বাবে মনোনয়নৰ আহ্বান জনাইছিল ৷ কৰ'ণা ভাইৰাছৰ ফলত ই-মেইলৰ জৰিয়তে এই মনোনয়ন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল মন্ত্ৰণালয়ে ৷ মনোনয়ন দাখিল কৰাৰ অন্তিম দিন 3 জুন ধাৰ্য কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details