স্পৰ্টছ ডেস্ক, 16 জুলাই : ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে মঙলবাৰে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ প্ৰধান প্ৰশিক্ষক তথা সহায়ক কৰ্মচাৰী পদৰ বাবে আবেদন পত্ৰ দাখিলৰ আহ্বান জনাইছে ৷ এই প্ৰশিক্ষক দলটোক চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা 2021 বৰ্ষৰ 24 নৱেম্বৰলৈকে নিযুক্তি প্ৰদান কৰা হ'ব ৷
টীম ইণ্ডিয়াৰ প্ৰশিক্ষক পদৰ বাবে আবেদন পত্ৰ দাখিলৰ আহ্বান - আবেদন পত্ৰ
ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে টীম ইণ্ডিয়াৰ প্ৰশিক্ষক পদৰ বাবে আবেদন পত্ৰৰ আহ্বান জনাইছে ৷ জুলাইৰ 30 তাৰিখলৈকে এই আবেদন পত্ৰ দাখিল কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীয়ে ৷
উল্লেখ্য যে, বৰ্তমানৰ প্ৰশিক্ষকৰ দলটোত আছে প্ৰধান প্ৰশিক্ষক ৰবি শাস্ত্ৰী, বলিং প্ৰশিক্ষক ভাৰত অৰুণ, বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰ আৰু ফিল্ডিং প্ৰশিক্ষক আৰ. শ্ৰীধৰ ৷ ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলৰ সুবিধাৰ্থে এই প্ৰশিক্ষকৰ দলটোৰ কাৰ্যকাল 45 দিনৰ বাবে সম্প্ৰসাৰণ ঘটোৱা হৈছে ৷ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পাছতে পদত্যাগ ঘোষণা কৰা ট্ৰেইনাৰ শংকৰ বাসু আৰু ফিজিঅ' থেৰাপিষ্ট পেট্ৰিক ফাৰ্হাৰ্টৰ বাহিৰে বাকী কেইজন প্ৰশিক্ষকে পুনৰ আবেদন পত্ৰ দাখিল কৰিব পাৰিব ৷
বিচিচিআইয়ে জুলাইৰ 30 তাৰিখৰ বিয়লি 5 বজালৈকে এই আবেদন পত্ৰ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ৷