স্পৰ্টছ ডেস্ক,২২আগষ্ট :ক্ৰিকেটাৰ ৰোহিত শৰ্মাক অভিনন্দন জ্ঞাপন কৰিলে BCCIয়ে । ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে টুইটযোগে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰে । ভাৰতীয় ক্ৰিকেট দলত খেল জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা খেলুৱৈসকলৰ ভিতৰত ৰোহিত শৰ্মা ৪ৰ্থ গৰাকী খেলুৱৈ । ৰোহিত শৰ্মাক লৈ গৌৰৱান্বিত বুলি টুইটত উল্লেখ কৰিছে BCCIয়ে। ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলিয়ে এই বঁটা লাভ কৰিছিল । লগতে ২০২০ বৰ্ষৰ 'অৰ্জুন বঁটা'ৰ বাবে নিৰ্বাচিত হোৱা ইশান্ত শৰ্মা আৰু দিপ্তী শৰ্মাকো টুইটযোগে BCCIয়ে অভিনন্দন জনায় ।
খেলৰত্ন ৰোহিত শৰ্মালৈ অভিনন্দন BCCIৰ - BCCI congratulates Rohit Sharma
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে নিৰ্বাচিত হোৱা ক্ৰিকেটাৰ ৰোহিত শৰ্মাক অভিনন্দন জ্ঞাপন কৰিলে BCCIয়ে। পেৰা এথলীট মাৰিয়াপ্পান থাংগাভেলু, টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰা, মল্লযুঁজাৰু ৱিনেশ ফোগাট, আৰু মহিলা হকী দলৰ কেপ্টেইন ৰাণী ৰামপালকো অহা ২৯আগষ্টত প্ৰদান কৰা হ'ব ২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা ।
ৰোহিতক শৰ্মালৈ অভিনন্দন BCCIৰ
ৰোহিত শৰ্মাৰ বাহিৰেও পেৰা এথলীট মাৰিয়াপ্পান থাংগাভেলু, টেবুল টেনিছ খেলুৱৈ মনিকা বাত্ৰা, মল্লযুঁজাৰু ৱিনেশ ফোগাট, আৰু মহিলা হকী দলৰ কেপ্টেইন ৰাণী ৰামপালকো প্ৰদান কৰা হ'ব ২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। অহা ২৯আগষ্টত ৰাষ্ট্ৰীয় খেল দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। প্ৰতি বছৰে দেশৰ নিৰ্বাচিত খেলুৱৈক ৰাষ্ট্ৰীয় খেল দিৱসত ৰাষ্ট্ৰপতিয়ে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ধ্যানচন্দ বঁটা প্ৰদান কৰে ।