অসম

assam

ETV Bharat / sports

নিউজিলেণ্ডৰ টি-20 শৃংখলাৰ বাবে ভাৰতীয় দলৰ ঘোষণা - নিউজিলেণ্ড ভ্ৰমণৰ পৰা বাহিৰ সঞ্জু ছেমচন

নিউজিলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় টি-20 ক্ৰিকেট দলৰ ঘোষণা ৷ 16 জনীয়া সদস্য়ত নাম অন্তৰ্ভূক্ত নহ’ল সঞ্জু ছেমচনৰ ৷

নিউজিলেণ্ডৰ টি-20 শৃংখলাৰ বাবে ভাৰতীয় দলৰ ঘোষণা
নিউজিলেণ্ডৰ টি-20 শৃংখলাৰ বাবে ভাৰতীয় দলৰ ঘোষণা

By

Published : Jan 13, 2020, 5:53 AM IST

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃআগন্তুক নিউজিলেণ্ড টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দলৰ ৷ দেওবাৰে মুম্বাইত বিচিচিআইয়ে ঘোষণা কৰে 16 জনীয়া ভাৰতীয় দলৰ সদস্য ৷ ৰোহিত শৰ্মা আৰু মহম্মদ শ্বামীৰ দলত প্ৰত্যাৱৰ্তন হোৱাৰ বিপৰীতে দলত স্থান লাভ নকৰিলে সঞ্জু ছেমচনে ৷

নিউজিলেণ্ডৰ টি-20 শৃংখলা, ভাৰতীয় দল

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে 5 খন টি-20 মেচত অৱতীৰ্ণ হোৱাৰ লগতে 3 খন এদিনীয়া আৰু 2 খন টেষ্ট মেচত মুখামুখি হ’ব ৷ বৰ্তমানলৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ বাবে ঘোষণা কৰা হোৱা নাই দল ৷

16 জনীয়া ভাৰতীয় দল

টি-20 ভাৰতীয় দলটোঃবিৰাট কোহলি (অঃ), ৰোহিত শৰ্মা (সহঃঅঃ), কে.এল ৰাহুল, শিখৰ ধাৱন, শ্ৰেয়াছ আয়াৰ, মনীষ পাণ্ডে, ঋষভ পন্ত (উইকেটকীপাৰ), শিৱম ডুবে, কুলদ্বীপ যাদৱ, যুজৱেন্দ্ৰ চহল, ৱাশ্বিংটন সুন্দৰ, ৰবিন্দ্ৰ জাডেজা, মহম্মদ শ্বামী, জছপ্ৰীত বোমৰাহ, নৱদ্বীপ চাইনী আৰু শাৰ্দুল ঠাকুৰ ৷

ABOUT THE AUTHOR

...view details