অসম

assam

ETV Bharat / sports

ক্ৰিকেট পিটছত পুনৰ ইস্ত্ৰি ! ক’লৈ যায় কোটি-কোটি টকা..

গুৱাহাটীৰ বৰ্ষাপাৰাত ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰৰ ঘটনাৰ পাচতো শিক্ষা নল’লে ৰাজ্যৰ ক্ৰিকেট সংস্থাই ৷ পুনৰ ক্ৰিকেটৰ খেলপথাৰত দেখা পোৱা গ’ল কয়লাৰ ইস্ত্ৰি ৷

By

Published : Jan 20, 2020, 5:21 PM IST

ক্ৰিকেট পিটছত পুনৰ ইস্ত্ৰি
ক্ৰিকেট পিটছত পুনৰ ইস্ত্ৰি

স্পৰ্টছ ডেস্ক, 20 জানুৱাৰীঃক’ত যায় বিচিচিআইয়ে ৰাজ্যৰ ক্ৰিকেট সংস্থাক যোগান দিয়া কোটি-কোটি টকা ৷ কাৰণ পুনৰ ক্ৰিকেটৰ খেলপথাৰত দেখা পোৱা গ’ল কয়লাৰ ইস্ত্ৰি ৷ গুৱাহাটীত যোৱা 5 জানুৱাৰীত অনুষ্ঠিত হোৱা ভাৰত আৰু শ্ৰীলংকাৰ মাজত বৰ্ষৰ প্ৰথমটো টি-20 মেচত ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ, ভেকুয়াম ক্লিনাৰ ব্যৱহাৰৰ এমাহ মাৰ নৌযাওতেই পুনৰ সেমেকা পিটছ শুকুৱালৈ ব্যৱহাৰ কৰা হ’ল কয়লাৰ ইস্ত্ৰি ৷

বৰ্ষাপাৰা টি-20

সোমবাৰে কানপুৰত অনুষ্ঠিত হোৱা কোচ বিহাৰ ট্ৰফীৰ এখন মেচৰ পূৰ্বে দেখা পোৱা গ’ল এই দৃশ্য ৷ উত্তৰ প্ৰদেশ আৰু দিল্লীৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত সংঘটিত হয় এই ঘটনা ৷

গুৱাহাটীত ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰৰ

বৈদ্যুতিক ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰা ঘটনা ভাৰতীয় ক্ৰিকেট জগতত নতুন কথা যদিও গৰম কয়লা পিটছত ব্যৱহাৰ কৰা কোনো নতুন কথা নহয় ৷ ইয়াৰ পূৰ্বেও এনে পদ্ধতিৰে পিটছ শুকুৱা উদাহৰণ আছে ৷ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে, অত্যাধুনিক প্ৰযুক্তিৰ যুগতো পিটছ শুকুৱাবৰ বাবে পূৰণি পদ্ধতিৰ অৱল্বন কৰাক লৈ ৷

উল্লেখ্য যে, প্ৰতি বছৰে ৰাজ্যৰ ক্ৰিকেট সংস্থা সমূহক 25 ৰ পৰা 30 কোটি পৰ্যন্ত আৰ্থিক অনুদান দি আহিছে বিচিচিআইয়ে ৷ তেনেস্থলত ক’লেই অন্তৰ্ধান হয় ইমান বৃহৎ পৰিমাণৰ ধন সমূহ সেইয়া হে এক লাখটকীয়া প্ৰশ্ন !

ABOUT THE AUTHOR

...view details