অসম

assam

ETV Bharat / sports

প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল বাংলাদেশ - 3 উইকেটত জয় লাভ বাংলাদেশৰ

ডিফেণ্ডিং চেম্পিয়নক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল বাংলাদেশৰ ৷ ডাকৱৰ্থ লুইছ নিয়মৰ অধীনত 3 উইকেটত জয় লাভ বাংলাদেশৰ ৷

প্ৰথমবাৰৰ বাবে বিশ্বচেম্পিয়ন হ’ল বাংলাদেশ
প্ৰথমবাৰৰ বাবে বিশ্বচেম্পিয়ন হ’ল বাংলাদেশ

By

Published : Feb 10, 2020, 1:21 AM IST

স্পৰ্টছ ডেস্ক, 10 ফেব্ৰুৱাৰীঃ আইচিচি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ নতুন চেম্পিয়ন হ’ল বাংলাদেশ ৷ প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিয়ে খিতাপ দখল আকবৰ আলী নেতৃত্বাধীন বাংলাদেশ ক্ৰিকেট দলটোৰ ৷ চাৰিবাৰৰ বিশ্ব চেম্পিয়ন তথা ডিফেণ্ডেং চেম্পিয়ন ভাৰতৰ পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল বাংলাদেশ দলটোৱে ৷

দক্ষিণ আফ্ৰিকাৰ ছেনৱেছ পাৰ্কত অনুষ্ঠিত খেলখনত টছত জয় লাভ কৰি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বাংলাদেশে ৷ ভাৰতক বেটিঙৰ বাবে প্ৰথমে আমন্ত্ৰণ জনায় দলটোৱে অনুশাসনমূলক বলিঙৰ পৰিচয় দাঙি ধৰি খেলখনত ভাৰতীয় বেটছমেনক বান্ধি ৰাখিবলৈ সক্ষম হৈছিল ৷ ফলত নিৰ্ধাৰিত50অভাৰৰ পূৰ্বেই 47.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 177 ৰান হে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলটোৱে ৷ ভাৰতৰ হৈ একমাত্ৰ অৰ্ধশতক অৰ্জন কৰে যশস্বী জয়ছোৱালে ৷ যশস্বীয়ে খেলখনত 88 ৰান কৰে ৷ ইপিনে তিলক বৰ্মাই 38আৰু ধ্ৰুৱ জুৰেলে 22ৰানৰ বৰঙণি আগবঢ়ায় ৷ বাংলাদেশৰ হৈ অভিষেক দাসে 3 টা, শ্বৰিফুল ইছলামে 2 টা, তানজিম হাছান ছাকিবে 2 টা আৰু ৰকিবুল হাছানে 1 টা উইকেট লাভ কৰে ৷

বাংলাদেশৰ দুৰ্দান্ত বলিং

ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশে প্ৰথম উইকেটৰ বাবে সুন্দৰ বেটিং কৰিবলৈ সক্ষম হয় আৰু দলটোৰ বাবে সংগ্ৰহ কৰে 50 ৰান ৷ ভাৰতৰ হৈ প্ৰথমটো সফলতা অৰ্জন কৰে ৰবি বিষ্ণই য়ে ৷ ইয়াৰ পাচতে বিষ্ণই য়ে নিজৰ বলিঙৰ যাদুৰে বাংলাদেশৰ অন্য তিনিটা উইকেট দখল কৰি অতি কম স্ক’ৰৰ এই মেচখনত ভাৰতক জয়ৰ স্থিতিত বৰ্তাই ৰাখিবলৈ সক্ষম হয় ৷ এটা সময়ত বাংলাদেশ দলটোৱে 85 ৰানত 5 টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই তীব্ৰ মানসিক হেঁচাৰ সন্মুখীন হ’বলগীয়া হয় ৷

ৰবি বিষ্ণই

ইয়াৰ পাচতে 102 ৰানত 6 নম্বৰ আৰু 143 ৰানত 7 নম্বৰ উইকেটটো বাংলাদেশে হেৰুৱাই যদিও অধিনায়ক আকবৰ আলীয়ে এটা কোণত ধীৰ-স্থিৰতাৰে বেটিং কৰি বাংলাদেশৰ জয় নিশ্চিত কৰে ৷ মেচখন চলি থকাৰ অন্তিম ক্ষণত বৰষুণে বিধি-পথালি জনোৱাৰ বাবেই ডাকৱৰ্থ লুইছ নিয়ম অনুসৰি 46 অভাৰত 170 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল বাংলাদেশ দলটোক ৷

মেচখনত ভাৰতীয় বেটিং প্ৰদৰ্শনে দৰ্শকক নিৰাশ কৰাৰ লগতে ভাৰতীয় দলটোৱে বলিঙত 33 অতিৰিক্ত ৰান খৰচ কৰাটোৱেও বাংলাদেশৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ভাৰতৰ হৈ ৰবি বিষ্ণই য়ে সৰ্বাধিক 10অভাৰত30 ৰান দি 4 টা উইকেট দখল কৰে ৷ আনহাতে সুশান্ত মিশ্ৰাই 2 টাআৰু যশস্বী জয়ছোৱালে 1 টা উইকেট লাভ কৰে ৷

যশস্বী জয়ছোৱালৰ প্ৰদৰ্শন
প্লেয়াৰ অফ দ্য ছিৰিজ যশস্বী জয়ছোৱাল

খেলখনত বাংলাদেশৰ আকবৰ আলী‘‘প্লেয়াৰ অফ দ্য মেচ’’আৰু যশস্বী জয়ছোৱাল‘‘প্লেয়াৰ অফ দ্য ছিৰিজ’’ ঘোষণা কৰা হয় ৷ যশস্বী জয়ছোৱালে টুৰ্ণামেন্টখনত 1 টা শতক আৰু 4 টা অৰ্ধশতকেৰে মুঠ 400 ৰান কৰিবলৈ সক্ষম হয় ৷

যশস্বী জয়ছোৱালৰ প্ৰদৰ্শন

উল্লেখ্য যে, পঞ্চমবাৰৰ বাবে খিতাপ জয়ৰ যুঁজত অৱতীৰ্ণ হৈছিল ডিফেণ্ডিং চেম্পিয়ন ভাৰত ৷

ABOUT THE AUTHOR

...view details