অসম

assam

অন্ত পৰিল ধৰ্মঘট ! ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশ ক্ৰিকেট দল

By

Published : Oct 24, 2019, 12:40 PM IST

ভাৰত-বাংলাদেশ ক্ৰিকেট ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ ৷ অন্ত পৰিল বাংলাদেশী খেলুৱৈৰ ধৰ্মঘট ৷

ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশ ক্ৰিকেট দল

স্পৰ্টছ ডেস্ক, 24 অক্টোবৰ: অৱশেষত অন্ত পৰিল ভাৰত-বাংলাদেশৰ মাজত হ’বলগীয়া শৃংখলাক লৈ অনিশ্চয়তা ৷ ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশ ক্ৰিকেট দল ৷ 3 খন টি-20 আৰু 2 খন টেষ্ট মেচৰ শৃংখলাত ভাৰতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব বাংলাদেশ ক্ৰিকেট দলটো ৷ বাংলাদেশ ক্ৰিকেট দলৰ 11 টা কৈ দাবী বাংলাদেশ ক্ৰিকেট বৰ্ড মানি লোৱাৰ পাচতেই ধৰ্মঘট ত্যাগ কৰে খেলুৱৈসকলে ৷ দাবী সমূহ মানি লোৱা হৈছে বুলি সদৰী কৰে বাংলাদেশ ক্ৰিকেট বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া নিজামুদ্দিন চৌধাৰীয়ে ৷

সৌৰভ গাংগুলী

উল্লেখ্য যে,বাংলাদেশ ক্ৰিকেট দলৰ প্ৰায় 60 গৰাকীকৈ খেলুৱৈয়ে সোমবাৰৰ পৰা পালন কৰিছিল ধৰ্মঘট ৷ এই খেলুৱৈসকলৰ ভিতৰত আছিল বাংলাদেশ ক্ৰিকেট দলৰ অধিয়ানক ছাকিব অল হাছান,তমিম ইকবাল,মুছফিকুৰ ৰহিমকে ধৰি বহু নামি-দামী খেলুৱৈ ৷

ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশ ক্ৰিকেট দল

ইপিনে এই সন্দৰ্ভত বুধবাৰে বিচিচিআইৰ অধ্যক্ষ পদৰ কাৰ্যভাৰ গ্ৰহণ কৰা সৌৰভ গাংগুলীয়ে কৈছিল,

এইয়া বাংলাদেশ ক্ৰিকেট দলৰ আভ্যন্তৰীণ বিষয় ৷ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপত শ্বেখ হাছিনাই জনাইছিল কলকাতা টেষ্টৰ বাবে ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

ভাৰত আৰু বাংলাদেশৰ মাজত অহা 3 নৱেম্বৰৰ পৰা তিনিখন টি-20 আৰু 14-18 নৱেম্বৰলৈ প্ৰথমখন, 22-26 নৱেম্বৰলৈ দ্বিতীয়খন টেষ্ট মেচ অনুষ্ঠিত হ’ব ৷

ABOUT THE AUTHOR

...view details