স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ:বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত পৰাস্ত ভাৰত ৷ দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন টি-20 মেচ ৷ 7 উইকেটত জয় লাভ কৰে বাংলাদেশ ক্ৰিকেট দলটোৱে ৷ ভাৰতৰ বাংলাদেশৰ বিৰুদ্ধে এইটো আন্তঃৰাষ্ট্ৰীয় টি-20 ত মেচত প্ৰথমটো পৰাজয় ৷
বাংলাদেশৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বাংলাদেশী উইকেটকীপাৰ বেটছমেন মুছফিকুৰ ৰহিমে ৷ ৰহিমে অপৰাজিত 60 ৰান কৰাৰ বিপৰীতে লিটন দাসে 7, মহম্মদ নাইমে 26, ছমিয়া সৰকাৰে 39, মহম্মদুলাইঅপৰাজিত 15 ৰান কৰে ৷ ভাৰতৰ হৈ দিপক চাহাৰ, খলিল আহমেদ আৰু যুজৱেন্দ্ৰ চহলে দখল কৰে 1 টা কৈ উইকেট ৷ মেচখনত ভাৰতৰ পৰাজয়ৰ অন্যতম কাৰণ হৈছে শোচনীয় ফিল্ডিং ৷ 38 ৰানত ক্ৰোণাল পাণ্ডিয়াই জীৱন দান প্ৰদান কৰে মুছফিকুৰ ৰহিমক ৷ বাউণ্ডেৰীত এটা সাধাৰণ কেট্ছ ধৰিবলৈ ব্যৰ্থ হয় পাণ্ডিয়াই ৷ ফলত অৰ্ধশতকীয় ইনিংছেৰে বাংলাদেশ দলটোক 19.3 অভাৰত 3 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত কৰিবলৈ সক্ষম হয় বাংলাদেশী খেলুৱৈগৰাকীয়ে ৷