স্পৰ্টছ ডেস্ক, 17 অক্টোবৰঃ ভাৰতৰ বিৰুদ্ধে তিনি নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল বাংলাদেশ ক্ৰিকেট দলৰ ৷ ভাৰতৰ বিৰুদ্ধে তিনিখন মেচত অৱতীৰ্ণ হ’ব বাংলাদেশ দলটো ৷ এই শৃংখলাৰ বাবে দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বাওঁহাতৰ স্পিনাৰ অৰাফাত চানী আৰু বেগী বলাৰ অল অমীন হুচেইন ৷
ভাৰতৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ঘোষণা বাংলাদেশ দল - বাংলাদেশ ক্ৰিকেট দল
ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন মেচৰ টি-20 শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল বাংলাদেশ ক্ৰিকেট দল ৷ দলত স্থান লাভ অৰাফাত চানী আৰু অল আমিন হুচেইনৰ ৷
লগতে তামিম ইকবালেও বাংলাদেশ দলটোত প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে ছাবিৰ ৰহমান, নজমুল হুচেইন চন্টো, ৰুবেল হুচেইন, তেজুল ইছলামক দলৰ পৰা বাহিৰ কৰা হৈছে ৷ 3 নৱেম্বৰ পৰা আৰম্ভ হোৱা এই শৃংখলাৰ প্ৰথমখন মেচ দিল্লীত, দ্বিতীয়খন 7 নৱেম্বৰত ৰাজকোটত আৰু অন্তিমখন মেচ 10 নৱেম্বৰত নাগপুৰত অনুষ্ঠিত কৰা হ’ব ৷
বাংলাদেশ দলটোত আছে-ছাকিব অল হাছান (অ:), তামিম ইকবাল, লিটন দাস, ছমিয়া সৰকাৰ, নেইম শ্বেখ, মুছফিকুৰ ৰহীম, মহম্মদুল্লাহ, ৰিয়াদ, আছিফ হুচেইন, মুচদক হুচেইন, অমিনুল ইছলাম, আৰাফাত চানী, মহম্মদ ছেফুদ্দিন, অল অমীন হুচেইন, মুস্তাফিজুৰ ৰহমান, ছফিকুল ইছলাম ৷