স্পৰ্টছ ডেস্ক, ২৫ মে': পাকিস্তানৰ যুৱ ক্ৰিকেটাৰ বাবৰ আজমক লৈ গুৰুত্বপূৰ্ণ মন্তব্য পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা নিৰ্বাচক মণ্ডলী মিজৱাহ উল হকৰ । পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ মিজৱাহৰ মতে, ভাৰতীয় দলৰ বিৰাট কোহলি আৰু অষ্ট্ৰেলিয়াৰ ষ্টীভ স্মিথৰ দৰে খেলুৱৈ হোৱাৰ নিচেই কাষত বাবৰ আজম । এটা Youtube চেনেলত দিয়া সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।
বিৰাট-স্মিথৰ সৈতে একেশাৰীত উপনীত হ'ব বাবৰ আজম : মিজৱাহ উল হক - বাবৰ আজম
পাকিস্তানৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ বাবৰ আজমৰ প্ৰশংসা পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ মিজৱাহ উল হকৰ । বাবৰ আজমক লৈ মিজৱাহ উল হকৰ ডাঙৰ মন্তব্য ।
![বিৰাট-স্মিথৰ সৈতে একেশাৰীত উপনীত হ'ব বাবৰ আজম : মিজৱাহ উল হক babar azam is very close to being in same league as kohli smith misbah ul haq](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7341215-549-7341215-1590404582576.jpg)
babar azam is very close to being in same league as kohli smith misbah ul haq
মিজৱাহই কৈছে, মই খেলুৱৈৰ তুলনা ভাল নাপাও কিন্তু বাবৰ আজম বিৰাট কোহলি, ষ্টীভ স্মিথ অথবা জ' ৰুট দৰে বেটছমেন হোৱাৰ নিচেই কাষ চাপিছে ৷ বাবৰে নিজৰ কৰ্মক লৈ যথেষ্ট সচেতন । যদি বিৰাটৰ দৰে হ'বলৈ ইচ্ছা তেন্তে নিজৰ ফিটনেছ আৰু খেলৰ ওপৰত কঠিন পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে মিজৱাহ উল হকে ।
শেহতীয়াকৈ বাবৰ আজমক পাকিস্তান দলৰ সীমিত অভাৰৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে । অতি কম সময়ৰ ভিতৰতে বিশ্ব ক্ৰিকেটত নিজৰ সুন্দৰ বেটিঙেৰে নিজৰ চাপ এৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ এই প্ৰতিভাৱান যুৱ খেলুৱৈগৰাকীয়ে ।