স্পোৰ্টছ ডেস্ক, 6 আগষ্ট:বুধবাৰে ইংলেণ্ডৰ সৈতে হোৱা প্ৰথমখন টেষ্ট মেচত পাকিস্তানী বেটছমেন বাবৰ আজমে অৰ্ধশতক ৰাণ লাভ কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানে 139/2 ৰাণত টেষ্টখনৰ প্ৰথম দিনটোৰ সামৰণি পেলায় ৷ বাবৰ আজমে 100 টা বলত 69 ৰাণ আৰু শ্বান মচুদে 152 টা বলত 46 ৰাণ অৰ্জন কৰে ৷
ওল্ড ট্ৰাফ’ৰ্ডত বুধবাৰে অনুষ্ঠিত হোৱা ইংলেণ্ড বনাম পাকিস্তানৰ প্ৰথমখন টেষ্ট মেচৰ প্ৰথমটো দিনত বাবৰ আজম সকলোৰে আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰে ৷ বাবৰে অ’পেনাৰ বেটছমেন মচুদৰ সৈতে 78 ৰাণৰ পাৰ্টনাৰশ্বিপ কৰে ৷
মচুদে অ’পেনিং সহযোগী আবিদ আলী আৰু অধিনায়ক আজহাৰ আলীৰ সৈতে প্ৰথম ভাগ সম্পূৰ্ণ কৰে ৷ দুপৰীয়া ব্ৰেকৰ পাচত বাবৰ আজমে মচুদক সহযোগ কৰে ৷ বাবৰে জেমছ এণ্ডাৰছনৰ প্ৰথমটো বলতে 4 ৰাণ সংগ্ৰহ কৰে ৷