অসম

assam

By

Published : Mar 8, 2020, 4:08 PM IST

Updated : Mar 8, 2020, 4:37 PM IST

ETV Bharat / sports

অসম্পূৰ্ণ হৈ ৰ’ল টীম ইণ্ডিয়াৰ সপোন

অপ্ৰতিৰোধ্য ভাৰতীয় মহিলা ক্ৰিকেট দলৰ যাত্ৰাৰ অৱসান ঘটালে বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াই ৷ পঞ্চমবাৰলৈ বিশ্বকাপ জিনিলে অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলে ৷

ICC Women's T20 WC Final India Vs Australia
অসম্পূৰ্ণ হৈ ৰ’ল টীম ইণ্ডিয়াৰ সপোন

নিউজ ডেস্ক , 8 মাৰ্চঃ শেষ হাঁহি মাৰিব নোৱাৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে ৷ প্ৰথমবাৰৰ বাবে অপ্ৰতিৰোধ্য হৈ টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা মহিলা দলটোৰ গতি ৰুদ্ধ কৰিলে অষ্ট্ৰেলিয়াই ৷ 85 ৰাণত ভাৰতক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ শিৰত ল’লে অষ্ট্ৰেলিয়াই ৷ টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অষ্ট্ৰেলিয়া দলে ৷ 4 উইকেটৰ বিনিময়ত 184 ৰাণ সংগ্ৰহ কৰে অষ্ট্ৰেলিয়াই ৷ অষ্ট্ৰেলিয়াৰ হৈ অ’পেনাৰ বেটছউইমেন বেথ ম’নে সংগ্ৰহ কৰে সৰ্বাধিক 78 ৰাণ ৷ আলেছা হেলীৰ 75 ৰাণৰ সহায়েৰে ভাৰতৰ সমুখত এক বৃহৎ ৰাণৰ লক্ষ্য স্থাপন কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াই ৷

প্ৰত্যুত্তৰত ভাৰতে 19.1 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হয় কেৱল 99 ৰাণ ৷ খেলখনত প্ৰথমৰ পৰাই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল টীম ইণ্ডিয়া ৷ বেটিং লাইনৰ মূল ভৰসা শেফালী বাৰ্মা 2 ৰাণত আউট হোৱাৰ পাছত তাচপাতৰ দৰে খহি পৰে ভাৰতীয় বেটিং লাইন আপ ৷ ভাৰতৰ হৈ দীপ্তি শৰ্মাই সৰ্বাধিক 33 ৰাণ সংগ্ৰহ কৰাৰ লগতে 2 টা উইকেট দখল কৰে ৷

লগতে পঢ়কঃজীৱন যুঁজত হাৰ নমনা এগৰাকী ব্যতিক্ৰমী মহিলা

Last Updated : Mar 8, 2020, 4:37 PM IST

ABOUT THE AUTHOR

...view details