স্পৰ্টছ ডেস্ক, 20 জুনঃ ট্ৰণ্ট ব্ৰিডজৰ নটিংহামত বিশ্বকাপৰ 26 সংখ্যক মেচত আজি মুখামুখী হৈছে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু বাংলাদেশ ৷ অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
টছত জয় লাভ,প্ৰথমে বেটিঙৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ - BANGLADESH
নটিংহামত আজি বিশ্বকাপত মুখামুখি হৈছে অষ্ট্ৰেলিয়া আৰু বাংলাদেশ
উল্লেখ্য যে,এইবাৰৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বাংলাদেশ দলটো বৃহৎ অঘটন কৰাৰ পাচত প্ৰৱল আত্মবিশ্বাসী হৈ আছে দলটো ৷ গতিকে আজিৰ মেচখন ফিন্স বাহিনীৰ বাবেও সহজ নহ’ব ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয় লাভটো বাংলাদেশ দলটোৰ আছিল বৰ্তমানলৈকে দলটোৰ বৃহৎ জয় ৷ দলটোৱে 322 ৰানৰ লক্ষ্য অতিক্ৰম কৰি জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এতিয়া খেলখনত ছাকিব-উল-হাছানৰ বেটে ৰানৰ বৰষুণ কৰিব নে মিটচেল ষ্ট্ৰাকৰ বিধ্বংসী বলিং উজলি উঠিব তাৰ বাবে অপেক্ষা কৰিব লাগিব কিছু সময়লৈ ৷