স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ :ভাৰতীয় দলৰ মেনেজমেন্টে তৃতীয় টেষ্টত দলত স্থান প্ৰদান কৰিব পাৰে শ্বাৰদুল ঠাকুৰক ৷ বাওঁহতীয়া স্পীনাৰ থাংগাৰাছু নটৰাজনৰ পৰিৱৰ্তে উমেশ যাদৱৰ স্থানত দলত সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে ঠাকুৰে ৷
সূত্ৰৰ মতে, জ্যেষ্ঠ বলাৰ যাদৱে আঘাতৰ বাবে দেশলৈ প্ৰত্যাৱৰ্তন ঘটাব ৷ ফলত তৃতীয় আৰু চতুৰ্থ টেষ্টত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷ উল্লেখ্য যে, 7 জানুৱাৰীৰ পৰা ছিডনীত আৰম্ভ হ'ব তৃতীয় টেষ্ট ৷
বিচিচিআইৰ এক সূত্ৰই এক নিউজ এজেন্সীক জনাই যে, "টি. নটৰাজনৰ প্ৰদৰ্শনক লৈ অনুৰাগীসকল উৎসাহিত হৈ আছে যদিও আমি পাহৰা উচিত নহয় যে, তেওঁ তামিলনাডুৰ হৈ প্ৰথম শ্ৰেণীৰ মেচ এখনহে খেলিছে ৷ আৰু শ্বাৰদুল হৈছে মুম্বাই দলৰ ঘৰুৱা ৰেড বল পেচাৰ ৷"
সূত্ৰই কয়, "দূৰ্ভাগ্যজনকভাৱে আঘাতৰ বাবে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাবলৈ অসমৰ্থ হৈছিল শ্বাৰদুল ৷ বৰ্তমান তেওঁ আঘাতৰ পৰা মুক্ত হৈছে আৰু উমেশৰ স্থানত দলত স্থান লাভ কৰিব পাৰে ৷"