স্পৰ্টছ ডেস্ক, 24 ডিচেম্বৰ :অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰে বক্সিং ডে' টেষ্টৰ বাবে খেলুৱৈ একাদশ নিশ্চিত কৰিলে ৷ প্ৰথম টেষ্টৰ একাদশেই এই টেষ্টতো অপৰিৱৰ্তিত থাকিব বুলি জানিবলৈ দিয়ে লেংগাৰে ৷
প্ৰথম টেষ্টৰ তৃতীয় দিনা পিংক বল টেষ্টত অষ্ট্ৰেলিয়ান বলাৰে দূৰ্দান্ত প্ৰদৰ্শন কৰিছিল ৷ পেট কামিনছ আৰু জছ হেজলওদে দ্বিতীয় ইনিংছত যুটীয়াভাৱে 9 টা উইকেট দখল কৰিছিল ৷ ইয়াৰ ফলত ভাৰতীয় দলে 36 ৰাণত হেৰুৱাইছিল আটাইকেইটা উইকেট ৷
লেংগাৰে কয় যে, অষ্ট্ৰেলিয়া দ্বিতীয় টেষ্টত পূৰ্বৰ একাদশেৰেই খেলিব ৷ তেওঁ কয়, "যোৱা টেষ্টৰ পাচত এই টেষ্টত খেলুৱৈ একাদশ সলনি কৰিবলৈ মই যথেষ্ট সাহসী মানুহ হ'ব লাগিব ৷ অহা কিছু দিনত বিশেষ একো পৰিৱৰ্তন নহ'লে একাদশ একেই থাকিব ৷ সেয়েহে আমি একে খেলুৱৈ একাদশেৰেই মেচত অৱতীৰ্ণ হ'ম ৷"