স্পৰ্টছ ডেস্ক, 28 ডিচেম্বৰ :মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত আধিপত্য অব্যাহত ৰাখিছে ভাৰতীয় বলাৰে ৷ বক্সিং ডে টেষ্টৰ তৃতীয় দিনা বলাৰৰ দূৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষত অৱস্থান কৰিছে ভাৰতীয় দল ৷ তৃতীয় দিনাৰ খেলৰ অন্তত অষ্ট্ৰেলিয়াই 133/6 ত মেচৰ সামৰণি মাৰে ৷ ইয়াৰ ফলত ঘৰুৱা দলটোৱে দুই ৰাণৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷
Aus বনাম Ind: তৃতীয় দিনা বলাৰৰ দূৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষত ভাৰত - বক্সিং ডে টেষ্ট
তৃতীয় দিনাৰ খেলৰ অন্তত অষ্ট্ৰেলিয়াই দুই ৰাণত অগ্ৰগতি লাভ কৰিছে ৷ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত আধিপত্য অব্যাহত ৰাখিছে ভাৰতীয় বলাৰে ৷

তৃতীয় দিনা বলাৰৰ দূৰ্দান্ত প্ৰদৰ্শনেৰে শীৰ্ষত ভাৰত
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতে তৃতীয় দিনাৰ খেলৰ আৰম্ভণি কৰি 277/5 ৰ পৰা খেলিবলৈ আৰম্ভ কৰে ৷ আনহাতে, 49 ৰাণত অন্তিম পাঁচটা উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে 326 ৰাণ ৷ ভাৰতৰ হৈ অধিনায়ক আজিংকা ৰাহানেই শতক অৰ্জন কৰাৰ লগতে জাদেজাই 57 ৰাণৰ ইনিংছ উপহাৰ দিয়ে ৷