স্পৰ্টছ ডেস্ক, 29 ডিচেম্বৰ : অষ্ট্ৰেলিয়াৰ পেচাৰ পিটাৰ ছিডলে দেওবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনাৰ আৰম্ভণিতে আৱেগিক হৈ দলৰ সতীৰ্থসকলৰ সন্মুখত এই কথা ঘোষণা কৰে ছিডলে ৷
অষ্ট্ৰেলিয়া দলৰ বহু কেইখন গুৰুত্বপূৰ্ণ মেচৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা ছিডলে দ্বিতীয় টেষ্টত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল ৷ অৱসৰ ঘোষণা কৰাৰ পাচতে নিজ দলৰ সতীৰ্থ আৰু অন্য সদস্যসকলৰ সৈতে কৰমৰ্দন কৰে খেলুৱৈগৰাকীয়ে ৷
অষ্ট্ৰেলিয়াৰ টেষ্ট দলৰ সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত 13 সংখ্যক স্থান দখলেৰে ছিডলে কেৰিয়াৰৰ সামৰণি মাৰে ৷ 67 খনকৈ টেষ্ট মেচৰ পৰা সৰ্বমুঠ 221 টা উইকেট দখল কৰে বেগী বলাৰগৰাকীয়ে ৷