স্পৰ্টছ ডেস্ক, 1 নৱেম্বৰ: শ্ৰীলংকাৰ বিৰুদ্ধে ৱাইট ৱাছ অষ্ট্ৰেলিয়াৰ ৷ তিনিখন মেচৰ টি-20 শৃংখলা 3-0 ৰে দখল অষ্ট্ৰেলিয়া দলটোৰ ৷ অন্তিমখন মেচত 7 উইকেটত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 142 ৰান সংগ্ৰহ কৰে ৷ শ্ৰীলংকাৰ হৈ কুছাল পৰেৰাই 45 বলত 57 ৰান কৰে ৷
শ্ৰীলংকাৰ বিৰুদ্ধে ক্লীন চুইপ অষ্ট্ৰেলিয়াৰ - শ্ৰীলংকাৰ বিৰুদ্ধে ৱাইট ৱাছ অষ্ট্ৰেলিয়াৰ 2019
শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয়খন টি-20 মেচত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ 3-0 ব্যৱধানত শৃংখলা দখল কেংগাৰু বাহিনীৰ ৷

শ্ৰীলংকাৰ বিৰুদ্ধে ক্লীন চুইপ অষ্ট্ৰেলিয়াৰ
ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়া দলটোৱে 17.4 অভাৰত 3 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ এৰণ ফিন্সে 37, ডেভিদ ৱাৰ্ণাৰে অপৰাজিত 57, ষ্টিভ স্মিথে 13 আৰু এষ্টন টাৰ্ণাৰে 22 ৰান কৰিবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াই প্ৰথমখন টি-20 মেচ 134 ৰানত জয় লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত 9 উইকেটত বিজয়ী সাব্যস্ত কৰিছিল ৷ মেচখনত অৰ্ধশতক অৰ্জন কৰা ডেভিদ ৱাৰ্ণাৰক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰাৰ লগতে প্লেয়াৰ অফ দ্য ছিৰিজৰ খিতাপ দিয়া হয় ৷