স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ: পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ পাকিস্তানৰ বিৰুদ্ধে সপ্তমখন টি-20 ৰ পাচত প্ৰথমটো জয় লাভ কেংগাৰু দলটোৰ ৷ মেচখনত 7 উইকেটত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ ষ্টিভ স্মিথৰ অপৰাজিত অৰ্ধশতকীয় ইনিংছৰ বিনিময়তে জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ পাকিস্তানে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 150 ৰান ৷
পাকিস্তানৰ বিৰুদ্ধে জয় লাভ অষ্ট্ৰেলিয়াৰ - পাকিস্তানৰ বিৰুদ্ধে জয় লাভ অষ্ট্ৰেলিয়াৰ
দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত পৰাস্ত পাকিস্তান ৷ শৃংখলাত 1-0 ৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ ৷
পাকিস্তানৰ বিৰুদ্ধে জয় লাভ অষ্ট্ৰেলিয়াৰ
পাকিস্তানৰ হৈ বাবৰ আজমে 50, ফখাৰ জমানে 2, হেৰিছ ছহেলে 6, মহম্মদ ৰিজৱানে 14, আছিফ আলীয়ে 4, ইমাদ ৱাছিমে 11 আৰু ইফতিকাৰ আহমদে সৰ্বাধিক অপৰাজিত 62 ৰান কৰিবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ এশ্বটন আগৰে 2 টা , কেন ৰিচাডচন আৰু পেট কামিন্সে 1 টা কৈ উইকেট দখল কৰে ৷
ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 18.3 অভাৰত 3 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ অষ্ট্ৰেলিয়াৰ জয়ত মুখ্য ভূমিকা পালন কৰে ষ্টিভ স্মিথে ৷ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছিল ৷ অহা 8 নৱেম্বৰত অনুষ্ঠিত হ’ব অন্তিমখন মেচ ৷
- লগতে চাওক- বাৰ্থডে বয় ‘বিৰাটৰ’ কেইখনমান বিশেষ ফটো