স্পৰ্টছ ডেস্ক, 20 জুনঃ ইংলেণ্ডৰ কাউণ্টী ক্ৰিকেট ক্লাৱ গ্লাম'ৰ্গানৰ সৈতে চুক্তিৰ সময়-সীমা বৃদ্ধি কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান ক্ৰিকেটাৰ মাৰ্নছ লাবুচেনে । 2022 চনলৈ বৃদ্ধি কৰা হৈছে চুক্তি । পূৰ্বতে দুই বছৰৰ বাবে আছিল এই চুক্তি । COVID-১৯ৰ ফলত কাউণ্টী ছিজন স্থগিত হোৱাৰ পাচতেই 2020 ছিজনত ৱেল্ছ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে ।
খেলুৱৈগৰাকীয়ে কয়,এক বছৰৰ চুক্তি বৃদ্ধি কৰা সিদ্ধান্ত মোৰ বাবে সহজ আছিল । মই 2020 ছিজনৰ বাবে গ্লাম'ৰ্গানলৈ নাযাও । মোৰ ক্লাৱৰ সৈতে প্ৰথমবৰ্ষ অতি সুন্দৰকৈ গৈ অতিবাহিত হৈছিল যাৰ বাবে মই এই ক্লাৱৰ সৈতে চুক্তি বৃদ্ধি কৰি আনন্দিত হৈছো ।