অসম

assam

ETV Bharat / sports

বিশ্বকাপঃ ফাইনেলত স্থান লাভৰ বাবে ইংলেণ্ডক প্ৰয়োজন 224 ৰানৰ - বাৰ্মিংহাম

বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত 223 ৰানত অল আউট অষ্ট্ৰেলিয়া ৷ ফাইনেলত স্থান সুনিশ্চিত কৰিবলৈ ইংলেণ্ডক প্ৰয়োজন 224 ৰানৰ ৷

AUS VS ENG

By

Published : Jul 11, 2019, 9:47 PM IST

স্পৰ্টছ ডেস্ক, 11 জুলাইঃ আজি বাৰ্মিংহামত বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত মুখামুখি হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ৷ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিলে 223 ৰান ৷ দলটোৱে মাত্ৰ 14 ৰানৰ দলীয় স্কৰতেই হেৰুৱাইছিল তিনিটাকৈ গুৰুত্বপূৰ্ণ উইকেট ৷ স্মিথৰ সংঘৰ্ষপূৰ্ণ অৰ্ধশতকীয় ইনিংছৰ ফলতেই 200 ৰান অতিক্ৰম কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াই ৷ দলটোৰ হৈ সৰ্বাধিক 85 ৰান কৰে ষ্টিভ স্মিথে ৷ অষ্ট্ৰেলিয়াৰ হৈ অধিনায়ক এৰণ ফিন্স 0, ডেভিদ ৱাৰ্ণাৰ 9, পিটাৰ হেণ্ডছকম্ব 4, এলেক্স কেৰী 46, মাৰ্কাছ ষ্টইনিছ 0, গ্লেন মেক্সৱেল 22, মিটচেল ষ্ট্ৰাকে 29 ৰানৰ বৰঙণি আগবঢ়াই ৷

ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক্ছে 8 অভাৰত 20 ৰান দি 3 টা, আদিল ৰাছিদে 10 অভাৰত 54 ৰান দি 3 টা, জফ্ৰা আৰ্ছাৰে 2 টা আৰু মাৰ্ক ৱুডে 1 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ এতিয়া ফাইনেলত স্থান লাভ কৰিবলৈ ইংলেণ্ডক প্ৰয়োজন 224 ৰানৰ ৷ ইতিমধ্যে ভাৰতক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে নিউজিলেণ্ড ৷

ABOUT THE AUTHOR

...view details