স্পৰ্টছ ডেস্ক, 17 ডিচেম্বৰ :আজিৰ পৰা এডিলেইড অভেলত আৰম্ভ হৈছে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্ৰথম টেষ্ট মেচ ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ অধিনায়ক বিৰাট কোহলীৰ ৷ এয়া ভাৰতৰ বাহিৰত প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷
এই মেচত ভাৰতীয় দলটোৰ বেটিংক্ৰম অধিক শক্তিশালী হিচাপে বিবেচিত হৈছে ৷ আনহাতে, দলটোত থাকিব স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনসহ চাৰিজন বলাৰ ৷