স্পৰ্টছ ডেস্ক, 18 ডিচেম্বৰ :ভাৰতীয় বেটছমেন চেতেশ্বৰ পূজাৰাই প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলেও ইংলেণ্ডৰ অধিনায়ক জ' ৰোটৰ অভিলেখ ভংগ কৰে ৷ যোৱা 10 বছৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক্ৰিকেটৰ দীৰ্ঘতম ফৰমেটত সৰ্বাধিক বলৰ মুখামুখি হোৱাৰ অভিলেখ গঢ়ে পূজাৰাই ৷
যোৱা 10 বছৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 28 টা ইনিংছত পূজাৰাই সন্মুখীন হৈছে 3,609 টা বলৰ ৷ এডিলেইড মেচৰ প্ৰথম ইনিংছত পূজাৰাই 160 টা বলত সংগ্ৰহ কৰে 43 ৰাণ ৷