অসম

assam

অকলেণ্ডত ভাৰতৰ অগ্নিপৰীক্ষা

শৃংখলাত বৰ্তি থাকিবলৈ ভাৰতৰ বাবে জয় অপৰিহাৰ্য ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাত 1-0 ৰ অগ্ৰগতি নিউজিলেণ্ডৰ ৷

By

Published : Feb 8, 2020, 4:34 AM IST

Published : Feb 8, 2020, 4:34 AM IST

অকলেণ্ডত ভাৰতৰ অগ্নিপৰীক্ষা
অকলেণ্ডত ভাৰতৰ অগ্নিপৰীক্ষা

স্পৰ্টছ ডেস্ক, 8 ফেব্ৰুৱাৰীঃ আজি অকলেণ্ডত নিউজিলেণ্ডৰ সন্মুখত অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল ৷ তিনিখন মেচৰ এদিনীয়া শৃংখলা প্ৰথমখন মেচত পৰাজয়বৰণ কৰাৰ পাচতেই শৃংখলাত বৰ্তি থাকিবলৈ ভাৰতক জয়ৰ নিতান্তই প্ৰয়োজন ৷

এদিনীয়া শৃংখলা

প্ৰথমখন এদিনীয়াত 347 ৰানৰ বিশাল স্কৰ গঢ়ি তোলাৰ পাচতো 4 উইকেটত পৰাজয়ৰ সন্মুখীন হৈছিল বিৰাট নেতৃত্বাধীন ভাৰতীয় দলটো ৷ মেচখনত নিউজিলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰছ টেইলৰে ৷ অপৰাজিত 109 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল কিৱি খেলুৱৈগৰাকীয়ে ৷

গতিকে এই মেচখনৰ বাবে ভাৰতীয় দলটোৰ বলিং লাইন আপত কিছু সাল-সলনিৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ অন্তিম একাদশত যুজৱেন্দ্ৰ চহলক স্থান দিয়াৰ অধিক সম্ভাৱনা আছে ৷

ভাৰত বনাম নিউজিলেণ্ড

দুয়োটা দলৰ মাজত বৰ্তমানলৈকে 108 খন মেচ অনুষ্ঠিত হৈছে ৷ য’ত ভাৰতে 55 বাৰ আৰু নিউজিলেণ্ডে 47 বাৰ জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এখন মেচ টাই হোৱাৰ বিপৰীতে 5 খন মেচ অমীমাংসিত হৈ ৰৈছে ৷

শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত পুৱা 7.30 বজাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ খেলখন ৷

ABOUT THE AUTHOR

...view details