স্পৰ্টছ ডেস্ক, ৫ মাৰ্চঃ সোমবাৰে প্ৰকাশ পালে আই চি চি টেষ্ট ক্ৰিকেটৰ নতুন ৰেংকিং । ১৮ পইণ্ট লাভেৰে দ্বিতীয় স্থানত উপনীত হয় নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচন । ৯১৫ ৰেটিং পইণ্টৰে এই কৃতিত্ব লাভ কৰে উইলিয়ামচনে । ইপিনে ৯০০ ৰেটিং পইণ্ট লাভ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী বেটছমেনৰ গৌৰৱ লাভ কৰিলে উইলিয়ামচনে ।
ৰেংকিঙৰ যুঁজত বিৰাটৰ প্ৰতিদ্বন্দ্বী উইলিয়ামচন - নিউজিলেণ্ড,
৯১৫ ৰেটিং পইণ্টৰে দ্বিতীয় স্থানত কেন উইলিয়ামচন

ৰেংকিঙৰ যুঁজত বিৰাটৰ প্ৰতিদ্বন্দী উইলিয়ামচন
বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অপৰাজিত ২০০ ৰান কৰাৰ বাবেই ৰেংকিঙত শুধৰণি হয় উইলিয়ামচনৰ । ইপিনে শীৰ্ষ স্থানত অধিষ্ঠিত আছে ভাৰতৰ অধিনায়ক বিৰাট ক'হলি । অৱশ্যে ৯২২ ৰেটিং পইণ্টৰে শীৰ্ষ স্থানত থাকিলেও উলিয়ামচনৰ হাতত আছে বিৰাটক পিছ পেলোৱাৰ সুন্দৰ সুযোগ । কাৰণ আগন্তুক জুলাই মাহ লৈকে টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ নহয় বিৰাট । ইপিনে বাংলাদেশৰ বিৰুদ্ধে দুখনকৈ টেষ্ট মেচত অৱতীৰ্ণ হ'ব উলিয়ামচন । গতিকে শীৰ্ষ স্থান দখল কৰাৰ সুন্দৰ সুযোগ আহি পৰিছে কেন উলিয়ামচনৰ ।