অসম

assam

ETV Bharat / sports

গুৱাহাটী বাড (BUD) ক্লাবৰ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ খিতাপ দখল - ৫০ অভাৰৰ খেল

ডিব্ৰুগড়ৰ জালান নগৰ খেলপথাৰত অনুষ্ঠিত হয় অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট খেলখন । ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ আয়োজিত উক্ত খেলখনত গুৱাহাটীৰ বাড (BUD) ক্লাবে বৰপেটাৰ ত্ৰিৰংগ ক্লাবক ১০ ৰানত পৰাস্ত কৰে । শনিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷

assam-premier-club-championship-win-bud
গুৱাহাটী বাড (BUD) ক্লাবৰ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ খিতাপ দখল

By

Published : Apr 10, 2021, 11:04 PM IST

ডিব্ৰুগড়, 10 এপ্ৰিল : প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ সলনি ডিব্ৰুগড়ৰ জালান নগৰ খেলপথাৰত অনুষ্ঠিত হয় অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট খেলখন । শনিবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । ডিব্ৰুগড় জিলা ক্ৰীয়া সন্থা আৰু অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ আয়োজিত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনত গুৱাহাটীৰ বাড (BUD) ক্লাবে বৰপেটাৰ ত্ৰিৰংগ ক্লাবক ১০ ৰানত পৰাস্ত কৰে । গুৱাহাটীৰ বাড ক্লাৱে ৩৫ অভাৰত পাঁচ উইকেট হেৰুৱাই মুঠ ১৬২ ৰান কৰিবলৈ সক্ষম হয় । প্ৰত্যুত্তৰত বৰপেটাই ৬ উইকেট হেৰুৱাই ১৫২ ৰানহে সংগ্ৰহ কৰে ।

গুৱাহাটী বাড (BUD) ক্লাবৰ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ খিতাপ দখল

৫০ অভাৰৰ খেল হবলগীয়া মেচখন প্ৰতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত ৩৫ অভাৰলৈ হ্ৰাস কৰা হয় । বঁটা বিতৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত,সম্পাদক দেৱজিত শইকীয়া,বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন,ঋতুপৰ্ণ বৰুৱা,চক্ৰধৰ গগৈ,শিলাদিত্য দেৱ,ডিব্ৰুগড় জিলা ক্ৰিয়া সন্থাৰ সভাপতি ডাঃ দেৱজিৎ দত্ত আৰু সম্পাদক নিৰঞ্জন শইকীয়া উপস্থিত থাকে । আনহাতে দুয়োপক্ষৰ অতি ৰোমাঞ্চকৰ ক্ৰিকেট খেলখন উপভোগ কৰাৰ পাছতে খেলপথাৰৰ মাজলৈ নামি যায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । মুখ্যমন্ত্ৰী গৰাকীয়ে ডেকা দিনৰ স্মৃতি ৰোমন্থন কৰি হাতত বেট তুলি লোৱাৰ লগতে বেটিং কৰে ।

লগতে পঢ়ক :কৰ'ণাৰ বাবে বন্ধ শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ মূল দুৱাৰ

ABOUT THE AUTHOR

...view details