অসম

assam

ETV Bharat / sports

কোচবিহাৰ ট্ৰফী ক্ৰিকেট টু্ৰ্ণামেন্টত অসমৰ হাতত পৰাস্ত উৰিষ্যা

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত এক ইনিংছ আৰু 48 ৰানৰ ব্যৱধানত অসমৰ হাতত পৰাজয় বৰণ কৰে উৰিষ্যাই ৷

By

Published : Jan 13, 2020, 3:23 PM IST

ASSAM DEFEATS ODISHA BY INNINGS AND 48 RUNS IN COOCH BEHAR TROPHY CRICKET TOURNAMENT
বিজয়ী অসমৰ দলটো

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃনগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কোচবিহাৰ ট্ৰফী ক্ৰিকেট টুৰ্ণামেন্টত অসমৰ হাতত পৰাজিত হয় উৰিষ্যা দলটো ৷ টছত জিকি প্ৰথমে বেটিং কৰা উৰিষ্যাই 108 ৰানত ইনিংছ সামৰনি মাৰে ৷ বাওঁহতীয়া বেটছমেন সন্তোষ যাদৱে 72টা বলত 31 ৰান কৰিবলৈ সক্ষম হয় ৷ অসমৰ হৈ দশৰথ কুমাৰে পাঁচটাকৈ উইকেট লাভ কৰে ৷ প্ৰত্যুত্তৰ অসমে 227 ৰানৰ এক দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে ৷ ৰুহিনন্দন পেগুৱে 107 টা বলত 61 ৰান কৰে বিকাশ নায়কৰ বলত মানৱ ভট্টাচাৰ্যৰ হাতত কেচ তুলি পেভিলিয়নমুখী হয় ৷ অসমৰ হৈ নাছিৰ উল্লাহে 83 বলত 48 ৰান কৰি শিৱাশীষ চাহুৰ বলত মানৱ ভট্টাচাৰ্যৰ হাতত কেচ তুলি দিয়ে ৷ দ্বিতীয় ইনিংছত উৰিষ্যাই 71 ৰান কৰি 48 ৰানত পিচপৰি থাকে ৷ দ্বিতীয় ইনিংছত সন্তোষ যাদৱে 28 ৰান কৰি অপৰাজিত হৈ থাকে ৷ অসমৰ হৈ দ্বিতীয় ইনিংছটো চাৰিটা উইকেট দখল কৰে দশৰথ কুমাৰে ৷ দ্বিতীয় ইনিংছত অসমৰ ৰিতুৰাজ আৰু বিশালে ক্ৰমে তিনিটা আৰু দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details