নিউজ ডেস্ক, 26 মাৰ্চঃৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক পেডী আপটনে শেহতীয়াকৈ মন্তব্য কৰিছে পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনৰ "মানকাড" সম্পৰ্কত ৷ আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা এই ঘটনাক সকলোৱে গৰিহণাদিয়াৰ সময়তে মুখ খুলিছে প্ৰশিক্ষক গৰাকীয়েও ৷ পেডী আপটনে জনায় যে, অশ্বিনৰ কৰ্মই তেওঁৰ পৰিচয় ৷ ক্ৰিকেট যিহেতু মনোৰঞ্জনৰ খেল সেয়েহে ক্ৰিকেটাৰ সকলৰ কাম সকলোকে মনোৰঞ্জন দিয়া বুলিও উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে ৷
অশ্বিনৰ কৰ্মই তেওঁৰ পৰিচয় দিয়েঃ পেডী আপটন
পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনৰ "মানকাড" সম্পৰ্কত ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক
MANKADING IN IPL
উল্লেখ্য যে, সোমবাৰে অনুষ্ঠিত চতুৰ্থখন আই পি এল মেচত পাঞ্জাৱ একাদশৰ অধিনায়ক আৰ. অশ্বিনে চাঞ্চল্য সৃষ্টিকাৰী "মানকাড" পদ্ধতিৰে ৰাজস্থান ৰয়েলছৰ জ'ছ বাটলাৰক আউট কৰে ৷ মানকাড হৈছে এনে এটা পদ্ধতি যাৰ জৰিয়তে বলাৰজনে বল কৰাৰ সময়ত ক্ৰিজৰ পৰা বাহিৰ হৈ যোৱা নন ষ্ট্ৰাইকাৰ এণ্ডৰ বেট্ছমেন জনৰ ষ্টাম্প উফৰাই আউট কৰিবলৈ সক্ষম হয় ৷ এই পদ্ধতি সম্পূৰ্ণ বৈধ হ'লেও ক্ৰিকেট জগতত এই পদ্ধতিক খেলুৱৈসুলভ বুলি মানি লোৱা নহয় ৷