স্পৰ্টছ ডেস্ক, 16 আগষ্টঃ বুধবাৰৰ পৰা অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড বিৰুদ্ধে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে দ্বিতীয়খন টেষ্ট মেচ ৷ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অষ্ট্ৰেলিয়াই ৷ অষ্ট্ৰেলিয়াৰ বেটিং আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ধৰাশায়ী হয় ইংলেণ্ড ৷ দলটোৱে শূন্য ৰানতে হেৰুৱাই জেছন ৰয়ৰ উইকেট ৷ হেজলৱুডৰ বলত শূন্য ৰান কৰি পেভিলিয়নমুখী হয় ৰয় ৷ ইয়াৰ পাচতে 26 ৰানৰ দলীয় স্কৰত জ’ ৰুট (14)ৰ উইকেট হেৰুৱাই ইংলেণ্ডে ৷ ৰৰী বাৰ্ণছে দলটোক কিছু স্থিৰতা দিয়াৰ চেষ্টা চলায় যদিও 53 ৰান কৰি আউট হয় বাৰ্ণছ ৷ দলটোৰ হৈ জ’ ডেনলী 30, জছ বাটলাৰ 12, বেন ষ্টক্ছ 13, জনী বেয়াৰেষ্ট’ 52, ক্ৰীছ ৱক্ছ 32, জফ্ৰা আৰ্চাৰ 12, ষ্টুৱাৰ্ড বৰ্ড 11, জেক লীছ অপৰাজিত 6 ৰান কৰিবলৈ সক্ষম হয় ৷
এছেজ শৃংখলাঃ প্ৰথম ইনিংছত 258 ৰানত অল আউট ইংলেণ্ড - ইংলেণ্ড
অষ্ট্ৰেলিয়াৰ দুৰ্দান্ত বলিঙৰ সন্মুখত ধৰাশায়ী ঘৰুৱা দল ইংলেণ্ড ৷ প্ৰথম ইনিংছত সংগ্ৰহ কেৱল 258 ৰান ৷
এছেজ শৃংখলাঃ প্ৰথম ইনিংছত 258 ৰানত অল আউট ইংলেণ্ড
অষ্ট্ৰেলিয়াৰ হৈ পেট কামিন্সে 21 অভাৰত 61 ৰান দি 3 টা, জছ হেজেলৱুডে 22 অভাৰত 58 ৰান দি 3 টা, নাথান লায়নে 19.1 অভাৰত 68 ৰান দি 3 টা আৰু পিটাৰ ছিডেলে 13 অভাৰত 48 ৰান দি 1 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ডেভিদ ৱাৰ্ণাৰৰ উইকেট হেৰুৱাই 30 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয়দিনৰ খেলৰ অন্তত ক্ৰীজত বৰ্তি আছে কেমৰণ বেনক্ৰফট (5) আৰু উছমান খুৱাজা (18) ৷