এছেজ শৃংখলাঃ পঞ্চম টেষ্টত টছত জয় লাভ অষ্ট্ৰেলিয়াৰ - অ’ভেলত আজি অনুষ্ঠিত হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলাৰ অন্তিমখন টেষ্ট মেচ
ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি অনুষ্ঠিত হৈছে এছেজ শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ৷ ইতিমধ্যে 2-1 ব্যৱধানত অষ্ট্ৰেলিয়াই অগ্ৰগতি লাভ কৰাৰ বিপৰীতে নিজৰ অধীনত ৰাখিবলৈ সক্ষম হৈছে এছেজ শৃংখলা ৷
স্পৰ্টছ ডেস্ক, 12 ছেপ্তেম্বৰঃ অ’ভেলত আজি অনুষ্ঠিত হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ৷ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ ৷ এই মেচখনক লৈ ইংলেণ্ড দলটোৱে অন্তিম একাদশত স্থান দিছে ছেম কৰণ আৰু ক্ৰীছ ৱক্ছক ৷ জেছন ৰয় আৰু ক্ৰীগ অ’ভাৰটনৰ ঠাইত দুয়ো খেলুৱৈক দলত স্থান দিয়া হৈছে ৷ আনহাতে অষ্ট্ৰেলিয়া দলটোত অন্তৰ্ভুক্ত কৰা হৈছে পিটৰ ছিডল আৰু মিটচেল মাৰ্ছক ৷ দলৰ পৰা বাহিৰ কৰা হৈছে মিটচেল ষ্ট্ৰাকক ৷ এই মেচখনত ইংলেণ্ডৰ লক্ষ্য় হ’ব অন্তিমখন টেষ্ট জয় লাভেৰে শৃংখলাত সমতা স্থাপন কৰাৰ ৷