স্পৰ্টছ ডেস্ক, 18 জুলাই: ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জফ্ৰা আৰ্চাৰক জৰিমনাৰ লগতে এক লিখিত সকীয়নি প্ৰদান ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব’ৰ্ডৰ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ পাচতেই বায়’ সুৰক্ষা প্ৰ’টক’ল নিয়ম উলংঘন কৰাৰ দোষত এই শাস্তি বিহা হৈছে খেলুৱৈগৰাকীক ৷
ইচিবিৰ ফালৰ পৰা কোৱা হৈছে যে, অনুশাসন সমিতিৰ বৈঠকৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ য’ত ইচিবিৰ ক্ৰিকেট নিৰ্দেশক এশ্লে জাইল্স, পেশাগত ক্ৰিকেট সমিতিৰ সদস্য আৰু আৰ্চাৰৰ এজেণ্ট উপস্থিত থাকে ৷