স্পৰ্টছ ডেস্ক, 10 জানুৱাৰীঃবিতৰ্কই যেন এতিয়া লগ এৰা নাই অসম ক্ৰিকেট সন্থাক ৷ শেহতীয়াকৈ 5 জানুৱাৰীত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন টি-20 মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পাচতেই পুনৰ আন এক দায়িত্বজ্ঞানহীনতা কাণ্ডৰ খবৰ পোহৰলৈ আহিছে অসম ক্ৰিকেট সন্থাৰ ৷
পুনৰ বিতৰ্কত অসম ক্ৰিকেট সন্থা ! - ভাৰত-শ্ৰীলংকা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 2020
পিটচ শুকুৱালৈ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ, ইস্ত্ৰি ব্যৱহাৰ কৰি অসমবাসীক বিশ্ব ক্ৰিকেট জগতত লজ্জানত কৰা অসম ক্ৰিকেট সন্থাৰ পোহৰলৈ আহিছে আন এক নাভূত-নাশ্ৰুত কাণ্ড ৷
এইবাৰ বিজয় হাজাৰে ট্ৰফীৰ বাবে জাৰ্চীত অংকন কৰাইছিল দুটা খৰ্গ থকা আফ্ৰিকান গঁড়ৰ ফটো ৷ ইতিমধ্যে এই কথা পোহৰলৈ অহাৰ পাচত পুনৰ ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে অসম ক্ৰিকেট সন্থা ৷
উল্লেখ্য যে, ভাৰত-শ্ৰীলংকাৰ মাজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচখনত বৰষুণৰ বিধি-পথালিৰ মাজত বৰষুণ এৰাৰ পিচত পোহৰলৈ আহিছিল অসম ক্ৰিকেট সন্থাৰ ফোপোলাস্বৰূপ ৷ ত্ৰিপালৰ মাজেৰে পিটচত পানী বাগৰি পৰাত পিটচ শুকুৱালৈ হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ, ইস্ত্ৰি ব্যৱহাৰ কৰা কাণ্ডই বিশ্ববাসীৰ সন্মুখত অসমক হাঁহিয়তৰ পাত্ৰ কৰিছিল অসম ক্ৰিকেট সংস্থাৰ বিষয়ববীয়া সকলে ৷ সেই বিতৰ্কৰ ম্লান নৌযাওতেই পুনৰ বিতৰ্কত সোমাই পৰিছে অসম ক্ৰিকেট সন্থা ৷
- লগতে চাওক- ৰঞ্জী ট্ৰফীৰ বাবে অসমৰ জ্যেষ্ঠ দল ঘোষণা