অসম

assam

ETV Bharat / sports

ক্ৰিকেটক বিদায় ঘোষণা ৰাইডুৰ - WORLD CUP

ৰাইডুৰ সন্যাস ঘোষণা ৷ বিশ্বকাপলৈ নিৰ্বাচিত হোৱা 15 জনীয়া দলত স্থান লাভ কৰা নাছিল ৰাইডুৱে ৷ লগতে টি-20 আৰু এদিনীয়া ক্ৰিকেটত অধিক গুৰুত্ব দিবলৈয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল ৰাইডুৱে ৷

ক্ৰিকেটক বিদায় ঘোষণা ৰাইডুৰ

By

Published : Jul 3, 2019, 2:58 PM IST

স্পৰ্টছডেস্ক,3জুলাইঃ এতিয়াৰে পৰা ক্ৰিকেটৰ খেলপথাৰত দেখা নাযাব অম্বতি ৰাইডুক ৷ বুধবাৰে ৰাইডুৱে ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে ৷ শেহতীয়াকৈ বিশ্বকাপলৈ নিৰ্বাচিত হোৱা 15 জনীয়া দলত স্থান লাভ কৰা নাছিল ৰাইডুৱে ৷ আনহাতে শিখৰ ধাৱন আৰু বিজয় শংকৰৰ আঘাত হৈ দলৰ পৰা বাহিৰ হোৱাৰ পাচতো সুন্দৰ ফৰ্মত থকা ৰাইডুক দলীয় মেনেজমেণ্টে দলত স্থান দিয়া নাছিল ৷ যিয়ে ৰাইডুক একপ্ৰকাৰৰ হতাশ কৰি তুলিছিল ৷

ৰাইডুৱে এই পৰ্যন্ত মূল একাদশৰ হৈ 50 খন এদিনীয়াত 10 টা অৰ্ধশতক আৰু 3 টা শতকেৰে মুঠ 1694 ৰান বনাইছে ৷ উল্লেখ্য যে যোৱা বৰ্ষত ৰাইডুৱে টি-20 আৰু এদিনীয়া ক্ৰিকেটত অধিক গুৰুত্ব দিবলৈয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details