অসম

assam

By

Published : Apr 29, 2019, 5:16 PM IST

ETV Bharat / sports

বিশ্বকাপৰ পৰা বাহিৰ ইংলেণ্ডৰ এলেক্স হেল্স

বিশ্বকাপৰ পূৰ্বে ইংলেণ্ড দললৈ মোক্ষম আঘাত ৷ বিশ্বকাপৰ পূৰ্বে ইংলেণ্ড দলৰ পৰা নাম প্ৰত্যাহাৰ অপেনাৰ বেটছমেন এলেক্স হেল্সৰ ৷

বিশ্বকাপৰ পৰা বাহিৰ ইংলেণ্ডৰ এলেক্স হেল্স

স্পৰ্টছ ডেস্ক, 29 এপ্ৰিলঃআগন্তুক 30 মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিশ্বকাপৰ পূৰ্বে ইংলেণ্ড দলৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে ইংলেণ্ডৰ বিস্ফোৰক অপেনাৰ বেটছমেন এলেক্স হেল্সে ৷ এই কথা সোমবাৰে প্ৰকাশ কৰে ইংলেণ্ড ক্ৰিকেট বৰ্ডে ৷ বিশ্বকাপৰ লগতে আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ এদিনীয়া আৰু পাকিস্তান শৃংখলাতো অংশ নলয় হেল্সে ৷

বিশ্বকাপৰ পৰা বাহিৰ ইংলেণ্ডৰ এলেক্স হেল্স

উল্লেখ্য যে, হেল্সেৰ বিৰুদ্ধে ড্ৰাগস (Recreational Drug) সেৱন কৰাৰ বাবে তিনি সপ্তাহৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে বাৰ্ষিক আয়ৰ ওপৰত পাঁচ শতাংশ জৰিমনা লগায় ইংলেণ্ড ক্ৰিকেট বৰ্ডে ৷ অৱশ্যে প্ৰথমে ব্যক্তিগত কাৰণত খেলুৱৈগৰাকীয়ে বিশ্বকাপৰ পৰা নাম প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰা হৈছিল ৷ ইয়াৰ পূৰ্বেও 2017 চনৰ চেপ্তেম্বৰ মাহত এখন নাইট ক্লাৱত মাৰপিট কৰাৰ বাবে নিলম্বিত কৰা হৈছিল ৷ এতিয়া অতি সোনকালেই হেল্সৰ স্থানত কোন খেলুৱৈক বিশ্বকাপৰ বাবে স্থান দিয়া হ’ব এই বিষয়ে ঘোষণা কৰিব ইংলেণ্ড ক্ৰিকেট বৰ্ডে ৷

লগতে পঢ়কঃ শ্ৰীলংকা কাণ্ডত জড়িত নেকি কেৰালাৰ সন্ত্ৰাসবাদী !

ABOUT THE AUTHOR

...view details