স্পৰ্টছ ডেস্ক, 5 জুনঃআন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিক পাকিস্তানৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ ৱাছিম আক্ৰামৰ এক বিশেষ আহ্বান । আইচিচিক COVID-১৯ ৰ পাচত এক "উপযুক্ত সময়ত" পুৰুষ টি-২০ বিশ্বকাপ আয়োজনৰ আহ্বান কিংবদন্তি খেলুৱৈগৰাকীৰ । কাৰণ দৰ্শক অবিহনে টি-20 বিশ্বকাপ অকল্পনীয় বুলি বৃহস্পতিবাৰে উল্লেখ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।
টি-20 বিশ্বকাপলৈ আইচিচিক বিশেষ আহ্বান ৱাছিম আক্ৰামৰ কিংবদন্তী খেলুৱৈগৰাকীয়ে কয়, "ব্যক্তিগত ভাৱে, মই ভাবো এইয়া উচিত সিদ্ধান্ত নহ'ব । মই ক'ব খোজিছো কেনেকৈ দৰ্শক অবিহনে ক্ৰিকেট বিশ্বকাপ খেলিবলৈ পাৰিব ।"
তেওঁ ইয়াৰ লগতে কয়,"বিশ্বকাপ মানেই বৃহৎ জনসমাগম, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল নিজৰ-নিজৰ দলক সমৰ্থন কৰিবলৈ আহে । এইয়া সকলো এটা পৰিৱেশৰ সম্পৰ্কিত আৰু এইটো বন্ধ দুৱাৰত আয়োজন কৰিব নোৱাৰে ।"
এতিয়া অহা 10 জুনত হে আইচিচিয়ে টি-20 বিশ্বকাপলৈ কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব । অনুমান কৰা হৈছে যে কৰ'ণা ভাইৰাছৰ ফলত অষ্ট্ৰেলিয়াত চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত হ'বলগীয়া টি-20 বিশ্বকাপ স্থগিত কৰা হ'ব ।
আনহাতে, বলত থুঁ ব্যৱহাৰ নিষেধাজ্ঞাৰ সন্দৰ্ভতো আইচিচিক "দ্ৰুত সমাধান" কৰাৰ আহ্বান খেলুৱৈগৰাকীৰ । কাৰণ ঘামৰ অনুমতি প্ৰদান কৰাই যথেষ্ট নহয় বুলি কয় আক্ৰামে । থুঁ আৰু ঘাম দুয়োটাই পৃথক ধৰণে আচৰণ কৰে বুলি কয় মহান পাকিস্তানী বলাৰগৰাকীয়ে ।