স্পৰ্টছ ডেস্ক, 23 জানুৱাৰী : বিৰেন্দৰ ছেহৱাগৰ মন্তব্যৰ পাচতে প্ৰত্যুত্তৰ প্ৰদান কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখটাৰে ৷ উল্লেখ্য যে, ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে আখটাৰ সম্পৰ্কত মন্তব্য কৰি কৈছিল যে, বেগী বলাৰ গৰাকীয়ে ভাৰতীয় দলৰ প্ৰশংসা কৰাৰ মূল কাৰণ হ'ল "ইয়াৰ পৰা তেওঁৰ ব্যৱসায় হয়"৷
ইউ টিউব চেনেলৰ জৰিয়তে প্ৰকাশ কৰা এক ভিডিঅ'ত আখটাৰে কয় যে, তেওঁৰ ওচৰত ছেহৱাগৰ মূৰত থকা চুলিতকৈ বেছি টকা আছে৷
"মোৰ ওচৰত আপোনাৰ মূৰৰ চুলিতকৈ বেছি টকা আছে ৷ আপুনি মোৰ অনুগামীৰ গভীৰতা বুজিবলৈ সক্ষম হোৱা নাই যদি, তেন্তে বুজাৰ চেষ্টা কৰক ৷ ছোৱেইব আখটাৰ হ'বলৈ মোক 15 বছৰৰ প্ৰয়োজন হ'ল ৷"
2016 বৰ্ষত ছেহৱাগে মন্তব্য কৰা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰাৰ পাচতে এনেদৰে মন্তব্য কৰে আখটাৰে ৷ ছেহৱাগে এই ভিডিঅ'ত কৈছিল যে, পাকিস্তানী বেগী বলাৰজনে নিজৰ বৃহৎ প্ৰতিদ্বন্দী ভাৰতক প্ৰশংসা কৰাৰ কাৰণ হ'ল ইয়াৰ জৰিয়তে তেওঁ অতি সহজে টকা ঘটিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলা ভাৰতে 2-1 ব্যৱধানত দখল কৰাৰ পাচত আখটাৰে প্ৰতিখন মেচৰ বিৱৰণ প্ৰদান কৰাৰ লগতে বিৰাট কোহলীক ভূয়সী প্ৰশংসা কৰিছিল ৷