অসম

assam

ETV Bharat / sports

আফ্ৰিদীৰ সমৰ্থনত নামিল ছয়েব আখতাৰ - গেম চেঞ্জাৰ

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদীয়ে তেওঁৰ আত্মজীৱনী "গেম চেঞ্জাৰ"ৰ জৰিয়তে কেতবোৰ তথ্য ফাদিল কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্ৰিকেট জগতত । বহুলোকে আত্মজীৱনী খনৰ জৰিয়তে আক্ৰমণ কৰাৰ সময়তে তেওঁৰ সৈতে থিয় দিছে প্ৰাক্তন সতীৰ্থ খেলুৱৈ ছয়েব আখতাৰ ।

আফ্ৰিদীৰ সমৰ্থনত নামিল ছয়েব আখতাৰ

By

Published : May 10, 2019, 1:08 PM IST

নিউজ ডেস্ক, ১০ মে': পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ছাহিদ আফ্ৰিদীৰ প্ৰাক্তন সতীৰ্থ খেলুৱৈ ছয়েব আখতাৰে এইবাৰ আফ্ৰিদীৰ সমৰ্থনৰ বাবে আগবাঢ়ি আহিছে । এই সম্পৰ্কে পাকিস্তানৰ ৰাৱলপিণ্ডি এক্সপ্ৰেছখ্যাত বেগী বলাৰ আখতাৰে এক টেলিভিশ্বন অনুষ্ঠানৰ জৰিয়তে জনাইছিল যে, জ্যেষ্ঠ খেলুৱৈয়ে কৰা দুৰ্ব্যৱহাৰ সম্পৰ্কে খুৱ কম পৰিমাণেই আফ্ৰিদীয়ে তেওঁৰ আত্মজীৱনীত প্ৰকাশ কৰিছে । ইয়াৰে বহুকেইটা ঘটনা তেওঁ নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলিও মন্তব্য কৰে আখতাৰে । আখতাৰে লগতে উল্লেখ কৰে যে, ১০ গৰাকী জ্যেষ্ঠ খেলুৱৈয়ে পাছত আফ্ৰিদীৰ ওচৰত ক্ষমা প্ৰাৰ্থনাও কৰিছিল ।

ছাহিদ আফ্ৰিদীৰ আত্মজীৱনী "গেম চেঞ্জাৰ"

উল্লেখ্য যে, আফ্ৰিদীৰ আত্মজীৱনী "গেম চেঞ্জাৰ"ৰ জৰিয়তে তেওঁ জ্যেষ্ঠ খেলুৱৈৰ পৰা বহুসময়ত কঠোৰ ব্যৱহাৰ লাভ কৰাৰ লগতে উদাহৰণ হিচাপে জাভেদ মিঞাদাদৰ নাম উল্লেখ কৰিছিল । আফ্ৰিদীয়ে লিখিছিল যে, পাকিস্তানৰ প্ৰাক্তন খেলুৱৈ মিঞাদাদে ১৯৯৯ চনত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এখন টেষ্ট মেচৰ পূৰ্বে তেওঁক নেট অনুশীলন কৰিবলৈ দিয়া নাছিল ।

৪৩ বৰ্ষীয় আখতাৰেও নিজে সন্মুখীন হোৱা এনে ব্যৱহাৰৰ কথা উল্লেখ কৰি কয় যে, এবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এক শৃংখলাতো চাৰিজন জ্যেষ্ঠ খেলুৱৈয়ে তেওঁক বেটেৰে আঘাত কৰাৰ চেষ্টা চলাইছিল । এই আত্মজীৱনী প্ৰকাশ পোৱাৰ পাছতে আন এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ ইমৰাণ ফাৰহাটে অল ৰাউণ্ডাৰ গৰাকীৰ বিৰুদ্ধে বহু কেইজন খেলুৱৈৰ কেৰিয়াৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

ABOUT THE AUTHOR

...view details