স্পৰ্টছ ডেস্ক, ২২ মে': শেহতীয়াকৈ বিৰাট কোহলিক শচীন তেণ্ডুলকাৰৰ সৈতে তুলনা কৰা সন্দৰ্ভত এক মন্তব্য প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ছোয়েব আখতাৰে । আখতাৰে বৃহস্পতিবাৰে এক ভিডিঅ' চেটত সকলোকে শচীন আৰু বিৰাটৰ তুলনা নকৰিবলৈ আহ্বান জনায় । আখতাৰৰ মতে, ক্ৰিকেটৰ আটাইতকৈ কঠিন যুগত খেলিছিল শচীন তেণ্ডুলকাৰে ।
বৰ্তমান সময়ত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিক শচীনৰ পিচতেই দ্বিতীয় স্থান দিয়া দেখা পোৱা যায় । ইতিমধ্যে কিছুমান অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে । কোহলিৰ সাম্প্ৰতিক সময়ৰ পৰিঘটনা সমূহক প্ৰসংশা কৰাৰ লগতে আখতাৰে কয়, "তেণ্ডুলকাৰে যথেষ্ট শক্তিশালী বিৰোধী পক্ষৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । সেই বাবে দুয়োৰে তুলনা কৰিব পৰা নাযায় ৷"
তেণ্ডুলকাৰে ক্ৰিকেটৰ কঠিন যুগত বেটিং কৰিছিল । যদি শচীনে এতিয়া সুযোগ লাভ কৰিলে হয়, তেন্তে শচীনে ১.৩০ লাখ ৰান কৰিবলৈ সক্ষম হ'লহেঁতেন । সেয়েহে শচীন আৰু বিৰাটৰ মাজত তুলনা কৰা সঠিক নহয় -আখতাৰ
আখতাৰে ইয়াৰ বাহিৰে ২০০৩ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে শচীনৰ অৰ্ধশতকীয় ইনিংছৰ বিষয়ে উল্লেখ কৰে । আখতাৰে কয়, "মই শচীনৰ শতক সম্পূৰ্ণ হোৱাটো কামনা কৰিছিলো ।" সেই মেচখনত শচীন ৯৮ ৰানত আখতাৰৰ বলত আউট হৈছিল । ভাৰতে মেচখন ৬ উইকেটত জয় লাভ কৰিছিল ।
আখতাৰে কয়, "মই দুখ অনুভৱ কৰিছিলো শচীন ৯৮ ৰানত আউট হোৱাত । সেইটো এটা বিশেষ ইনিংছ আছিল । শচীনে শতক অৰ্জন কৰিব লাগিছিল মেচখনত । মই তেওঁৰ শতক হোৱাটো কামনা কৰিছিলো । সেই বাউঞ্চাৰ বলটোত মই এটা ছয় দেখিবলৈ পচন্দ কৰিলো হয় । পূৰ্বতে এবাৰ শচীনে তেনেকৈ কৰিবলৈ সক্ষম হৈছিল ৷"