অসম

assam

ETV Bharat / sports

দহ বছৰ পিচত পাকিস্তান ভ্ৰমণলৈ যাব শ্ৰীলংকা ক্ৰিকেট দল

পাকিস্তানত 2009 বৰ্ষত শ্ৰীলংকা ক্ৰিকেট দলৰ ওপৰত হোৱা আক্ৰমণৰ 10 বছৰ পাচত পুনৰ পাকিস্তান ভ্ৰমণলৈ যাব শ্ৰীলংকা ক্ৰিকেট দল ৷ কাৰাচীত অনুষ্ঠিত হ’ব পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া শৃংখলা ৷

By

Published : Sep 27, 2019, 1:01 PM IST

দহ বছৰ পিচত পাকিস্তান ভ্ৰমণ কৰিব শ্ৰীলংকা ক্ৰিকেট দল

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃ দহ বছৰৰ অন্তত পাকিস্তান ভ্ৰমণলৈ ৰাওনা হ’ব শ্ৰীলংকা ক্ৰিকেট দল ৷ 2009 বৰ্ষত শ্ৰীলংকা ক্ৰিকেট দলৰ ওপৰত আক্ৰমণ হোৱাৰ পাচতেই দলটোৱে যোৱা দহ বছৰ ধৰি পাকিস্তানত কোনো শৃংখলাত অংশগ্ৰহণ কৰা নাছিল ৷

দহ বছৰ পিচত পাকিস্তান ভ্ৰমণলৈ যাব শ্ৰীলংকা ক্ৰিকেট দল

কিন্তু বৰ্তমান শ্ৰীলংকা দলটোৰ আগমণৰ সন্মতি লাভ কৰাৰ পাচতেই পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদে শ্ৰীলংকাৰ দলটোক কৃতজ্ঞতা জনায় কয় দুয়োটা দলৰ বাবে এইখন হ’ব ঐতিহাসিক মেচ ৷

অৱশ্যে এই শৃংখলাৰ পৰা শ্ৰীলংকা দলটোৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে বহু নামি-দামী খেলুৱৈয়ে ৷ য’ত আছে লাছিথ মালিংগা,ডিকৱেলা,কুছল পৰেৰা,ধনঞ্জয় ডী ছিল্ভা,থিছাৰা পৰেৰা,অকিলা ধনঞ্জয়া,এঞ্জিলো মেথিউছ,ছুৰাংগা লকমল,দিনেশ চাণ্ডিমল আৰু দিমুথ কৰুণাৰত্নে ৷ সুৰক্ষা দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই 10 গৰাকী খেলুৱৈয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিছে ৷ এই শৃংখলতা শ্ৰীলংকা দলটোৱে 3 খন এদিনীয়া আৰু 3 খন টি-20 মেচত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷

লগতে পঢ়কঃ গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ

ABOUT THE AUTHOR

...view details