স্পৰ্টছ ডেস্ক, 11 আগষ্ট : শনিবাৰে আফগানিস্তান ক্ৰিকেট ব'ৰ্ডে (ACB) নিলম্বন কৰে উইকেট কীপাৰ বেটছমেন মহম্মদ ছাহজাদক ৷ ক্ৰিকেট ব'ৰ্ডৰ আচৰণবিধি উলংঘা কৰাৰ অপৰাধত তেওঁক এই শাস্তি প্ৰদান কৰা হয় ৷ ACB য়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা উল্লেখ কৰি কয় যে, ACB ৰ নিৰ্দেশাৱলী অনুসৰি কোনো খেলুৱৈয়ে বিদেশ ভ্ৰমণ কৰাৰ পূৰ্বে আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ অনুমতি গ্ৰহণ কৰিব লাগে ৷ কিন্তু, ছাহজাদে কোনো অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰাত খৰ্গহস্ত হৈ পৰে আফগানিস্তান ক্ৰিকেট ব'ৰ্ড ৷
মহম্মদ ছাহজাদক নিলম্বন আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ
আফগানিস্তানৰ উইকেট কীপাৰ বেটছমেন মহম্মদ ছাহজাদক নিলম্বন কৰিছে আফগানিস্তান ক্ৰিকেট ব'ৰ্ডে (ACB) ৷ ক্ৰিকেট ব'ৰ্ডৰ আচৰণবিধি উলংঘা কৰাৰ অপৰাধত তেওঁক এই শাস্তি প্ৰদান কৰা হয় ৷
মহম্মদ ছাহজাদ
উল্লেখ্য যে, আঁঠুৰ আঘাতৰ বাবে ছাহজাদে বিশ্বকাপৰ অভিযান আধাতে সামৰিব লগা হৈছিল ৷ কিন্তু ছাহজাদে এই ক্ষেত্ৰত ব'ৰ্ডৰ বিৰোধিতা কৰি তেওঁৰ আঘাত ইমান গুৰুতৰ নাছিল বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ বাবে তেওঁ ব'ৰ্ডক দোষী সাব্যস্ত কৰিছিল ৷ সেয়েহে ক্ৰিকেট ব'ৰ্ডে মন্তব্য কৰে যে, বিশ্বকাপৰ সময়তো ক্ৰিকেটাৰ গৰাকীয়ে ব'ৰ্ডৰ আচৰণ বিধি উলংঘা কৰাৰ লগতে নিয়মানুবৰ্তিতা কমিটিৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ৷