স্পৰ্টছ ডেস্ক, 30 অক্টোবৰ : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এবিডি ভিলিয়াৰ্ছে মুকলি কৰিলে 'THE FLAME' নামৰ এটি গীত ৷ গীতটিত তেওঁ মানৱীয় উদ্যম আৰু বৰ্ণ সমতা সম্পৰ্কত উল্লেখ কৰিছে ৷
আইপিএলত বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰ দলৰ হৈ অংশগ্ৰহণ কৰি থকা ভিলিয়াৰ্ছে ইনষ্টাগ্ৰামৰ জৰিয়তে গানটোৰ প্ৰমো মুকলি কৰে ৷
দক্ষিণ আফ্ৰিকাৰ ৰক সংগীতজ্ঞ কাৰেন জইড আৰু য়ুথ কোয়েৰৰ দ্বাৰা ৰচিত গীতটিত বৰ্ণ সমতা সম্পৰ্কত সকলোকে উৎসাহিত কৰা হয় ৷