স্পৰ্টছ ডেস্ক, 7 জুলাই : কেৰিবিয়ান প্ৰীমিয়াৰ লীগত দেখা পোৱা যাব ভাৰতীয় ক্ৰিকেটাৰ প্ৰবীন টাম্বেক । মুম্বাই আৰু ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত অংশগ্ৰহণ কৰা 48 বছৰীয়া প্ৰবীন টাম্বেক ত্ৰিনবাগ' নাইট ৰাইড্ৰাৰ্ছ (টিকেআৰ) দলে 7,500 মাৰ্কিন ডলাৰত চুক্তিবদ্ধ কৰিছে । এক ৱেবচাইটত সদৰি কৰা হৈছে এই তথ্য ।
কেৰিবিয়ান প্ৰীমিয়াৰ লীগত চুক্তিবদ্ধ প্ৰবীন টাম্বে উল্লেখ্য যে, 2019 বৰ্ষৰ আইপিএলৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছ দলে প্ৰবীন টাম্বেক দলত স্থান দিছিল যদিও টি-10 লীগত গ্ৰহণ কৰাৰ বাবেই পিচত খেলুৱৈগৰাকীৰ নাম প্ৰত্যাহাৰ কৰে বিচিচিআইয়ে ।
চিপিএলত চুক্তিবদ্ধ হোৱা দুগৰাকী ভাৰতীয়ৰ ভিতৰত অন্য়তম হৈছে টাম্বে । টাম্বেৰ লগতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বেটছমেন আছাদ পাঠানকো চুক্তিবদ্ধ কৰা হৈছে ।
তথ্য মতে, আফগানিস্তানৰ অলৰাউণ্ডাৰ মহম্মদ নাবী, নেপালৰ লেগ স্পীনাৰ সন্দীপ লামিচান আৰু অষ্ট্ৰেলিয়াৰ বেন ডাংকো চিপিএল 2020 ৰ বাবে চুক্তিবদ্ধ হৈছে । জানিব পৰা মতে, প্ৰতিগৰাকী খেলুৱৈক 130,000 মাৰ্কিন ডলাৰত চুক্তিবদ্ধ কৰা হৈছে । অহা 18 আগষ্টৰ পৰা 10 ছেপ্তেম্বৰলৈ দৰ্শক বিহীন ভাৱে আয়োজন কৰা হ'ব কেৰিবিয়ান প্ৰীমিয়াৰ লীগ প্ৰতিযোগিতা ।
অষ্ট্ৰেলিয়াৰ অপেনাৰ খেলুৱৈ ক্ৰীছ লীন এছটি কিট্ছ এণ্ড নেভিছ পেট্ৰিয়টৰ সৈতে জড়িত থকাৰ বিপৰীতে ৰাছিদ খান অন্তৰ্ভুক্ত আছে ডিফেণ্ডিং চেম্পিয়ন বাৰবাডছ ত্ৰিডেণ্টছত । ইংলেণ্ডৰ ইয়ন মৰ্গান আৰু পাকিস্তানৰ অল ৰাউণ্ডাৰ খেলুৱৈ ছাহিদ আফ্ৰিদীক কোনো এটা দলে ক্ৰয় কৰাত আগ্ৰহ প্ৰকাশ নকৰে
লগতে পঢ়ক : 'MS Dhoni is world-beater' : ধোনীৰ জন্মদিনত ব্ৰেভ'ৰ গান মুকলি