স্পৰ্টছ ডেস্ক, 16 আগষ্ট: চলিত বৰ্ষৰ 19 ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰেটত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত নেট বলাৰ হিচাপে স্থান লাভ অসমৰ চাৰি যুৱ ক্ৰিকেটাৰ ৷
আইপিএলৰ ফ্ৰেনন্সাইছি ৰাজস্থান ৰয়েলছত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে লখিমপুৰৰ জিতুমনি কলিতা (ৰাইট আৰ্ম স্পীনাৰ), শিলচৰৰৰাহুল সিং (লেফ্ট আৰ্ম স্পীনাৰ)আৰু নগাঁৱৰ মৃন্ময় দত্তই (লেফ্ট আৰ্ম পেছাৰ) ৷ ইফালে হায়দৰাবাদ চানৰাইজাৰ্ছ দলে নিৰ্বাচন কৰিছে ডিব্ৰুগড়ৰ মুখতাৰ হুচেইনক (ৰাইট আৰ্ম ফাষ্ট বলাৰ)।