স্পৰ্টছ ডেস্ক, 12 আগষ্ট :ক্ৰিকেটিং কেৰিয়াৰকলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থকা মুম্বাইৰ যুৱ ক্ৰিকেটাৰৰ আত্মহত্যাৰ ঘটনা ৷ মলাড স্থিতি নিজ বাসগৃহত আত্মহত্যা খেলুৱৈগৰাকীৰ ৷ মঙলবাৰে সন্ধিয়া ভাগত এই ঘটনাৰ খবৰ পোৱা যায় ৷ কৰণ তিৱাৰী নামৰ খেলুৱৈগৰাকীয়ে মুম্বাইৰ ৰঞ্জী দলৰ বাবে নেট্ছত বলিং কৰি আছিল বুলি জানিবলৈ পৰা গৈছে ৷
আশীষ নেহৰাৰ সৈতে কৰণ তিৱাৰী অৱশ্যে এতিয়াও তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই যদিও কিন্তু তেওঁৰ মৃত্যুৰ কাৰণ মানসিক অৱসাদ বুলিয়ে অনুমান কৰা হৈছে ৷
খবৰ অনুসৰি, 27 বছৰীয়া তিৱাৰী খেলুৱৈ এগৰাকী ফিট ক্ৰিকেটাৰ হোৱাৰ লগতে দক্ষিণ আফ্ৰিকাৰ ডেইল ষ্টেইনৰ দৰে বলিং কৰিছিল ৷ লগতে খেলুৱৈগৰাকীয়ে মুম্বাই দলৰ গ্ৰাউণ্ডত প্ৰায়ে নিয়মিত অনুশীলন কৰাৰ লগতে ঘণ্টা-ঘণ্টা জুৰি নেট্ছত বলিং কৰিছিল বুলি জানিবলৈ পৰা গৈছে ৷
উল্লেখ্য যে, এক মধ্যবৃত্ত পৰিয়ালত জীৱিকা-নিৰ্বাহ কৰিছিল প্ৰয়াত খেলুৱৈগৰাকী ৷ তেওঁ মাতৃ আৰু ভাতৃৰ সৈতে বসবাস কৰি আছিল ৷ এই ঘটনাৰ পাচতেই কুৰ্লা আৰক্ষীয়ে এক আকস্মিক মৃত্যু ঘটনাৰ গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত কোনো চুইচাইড নোট উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে চাওক-2021, 2022 চনতো ধোনী চেন্নাই দলৰ অংশ হৈ থাকিব বুলি আশা কৰো : বিশ্বনাথন